ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশৰ কৃষি বিজ্ঞান কেন্দ্রসমূহক অধিক ফলপ্রসূ আৰু সবল কৰি তোলাৰ কৌশলৰ বিষয়ে আলোচনা কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ

● কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি এখন উচ্চ পর্যায়ৰ বৈঠকত সমগ্ৰ দেশৰ কৃষি বিজ্ঞান কেন্দ্রসমূহক অধিক ফলপ্রসূ আৰু সবল কৰি তোলাৰ কৌশলৰ বিষয়ে আলোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত বৈঠকখনত শ্ৰীচৌহানে কয়, যে বর্তমান দেশত ৭৩১ টা কৃষি বিজ্ঞান কেন্দ্ৰ আছে আৰু ইয়াৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰাৰ লগতে ক্ষুদ্র কৃষকৰ সুবিধাৰ বাবে এইসমূহক শক্তিশালী কৰাটো অতি প্রয়োজন। তেওঁ কয়, যে কৃষি বিজ্ঞান কেন্দ্ৰসমূহে কৃষকসকলৰ ওচৰলৈ যোৱাৰ বাবে প্রাথমিক মাধ্যম হিচাপে কাম কৰে আৰু প্ৰযুক্তিৰ প্ৰচাৰ, প্ৰশিক্ষণ তথা কৃষি উদ্ভাৱনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে সংহত কৃষি আৰু প্ৰাকৃতিক কৃষিক প্ৰসাৰিত কৰিব পৰাকৈ কৃষি বিজ্ঞান কেন্দ্রসমূহক আৰ্হি পদক্ষেপৰ বিকাশ কৰিবলৈ নিৰ্দেশ দিয়ে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ কাৰ্য্যকলাপ সুশৃংখলিত কৰিবলৈ আৰু এইসমূহৰ কাৰ্যদক্ষতা বৃদ্ধিৰ বাবে পর্যাপ্ত মানৱ সম্পদ, আর্থিক আৰু কাৰিকৰী সহায় আগবঢ়োৱাটো নিশ্চিত কৰিবলৈ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ বিষয়াসকলক নির্দেশ দিয়ে।