ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলী পালন

দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো পোহৰৰ উৎসৱ দীপাৱলী কালিৰে পৰা পালন কৰা হৈছে। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দীপাৱলী আৰু কালী পূজা উপলক্ষে আজি তিনিচুকীয়া জিলা ভ্রমণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াৰ নিউ মার্কেট কালী পূজাস্থলীত উপস্থিত হৈ দেৱীৰ আশীষ গ্ৰহণ কৰে। ইপিনে, দীপাৱলী উপলক্ষে গুৱাহাটী মহানগৰী আলোকময় হৈ উঠিছে। মাটিৰ চাকিৰ পোহৰৰ সমান্তৰালভাৱে ৰং-বিৰঙী আলোকসজ্জাৰে মহানগৰীৰ প্ৰতিটো প্ৰান্ত জিলিকি উঠিছে। আজিৰ দিনটোত আৰক্ষী প্ৰশাসনে নিৰ্দ্ধাৰণ কৰি দিয়া স্থানসমূহত আতচবাজি ক্ৰয় কৰাৰ বাবে গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। আনহাতে, চিৰাঙৰ পানবাৰীত ৯-দিনীয়া কাৰ্যসূচীৰে কালী পূজা পালন কৰা হৈছে। আজি জিলাখনৰ ছিদলী বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ এন ডি এ সমর্থিত ইউ পি পি এলৰ প্ৰাৰ্থী প্রার্থী নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে পানবাৰীৰ কালী মন্দিৰত দেৱীৰ আশীষ গ্ৰহণ কৰে।