দেশে স্থানীয় সামগ্ৰীৰ ব্যৱহাৰত উদগণি যোগোৱা ভোকেল ফৰ লোকেল, আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ মন্ত্ৰৰে আগবঢ়া উচিত বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত শ্ৰীমোদীয়ে আজি কয়, যে উৎসৱৰ বতৰত দেশবাসীয়ে স্বদেশী সামগ্ৰীৰ কথা পাহৰা উচিত নহয়। জীৱনৰ সৈতে জড়িত সকলো সামগ্রী স্বদেশী হ’ব লাগে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ উৎসৱৰ আনন্দৰ মাজত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ দিশটোৰ প্ৰতিও গুৰুত্ব দিবলৈ জনসাধাৰণক আহ্বান জনায়।
এইবাৰ বাৰিষা কালত প্ৰাকৃতিক বিপর্যয়ে যেন দেশৰ পৰীক্ষা লৈছে বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয় যে বিগত কেইটামান সপ্তাহত দেশৰ বিভিন্ন অংশত ব্যাপক বান আৰু ভূমিস্খলন হৈছে। এই ঘটনাসমূহে দেশৰ প্ৰতিগৰাকী লোকক ব্যথিত কৰি তুলিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এনে ঘটনাত আপোনজনক হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ বিভিন্ন পৰীক্ষাৰ সকলো পৰ্যায় সফলতাৰে পাৰ কৰা, কিন্তু মেধাৰ চূড়ান্ত তালিকাত স্থান নোপোৱা প্ৰাৰ্থীসকলৰ তথ্য মজুত কৰা প্ৰতিভা সেতু ডিজিটেল মঞ্চৰ বিষয়ে প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই পোৰ্টেলৰ জৰিয়তে ব্যক্তিগত কোম্পানীসমূহে এই প্রতিভাসম্পন্ন শিক্ষাৰ্থীসকলৰ তথ্য আহৰণ কৰিব পাৰে আৰু তেওঁলোকক নিয়োজিত কৰিব পাৰে। এই পোৰ্টেলৰ জৰিয়তে শ-শ প্ৰাৰ্থীয়ে কৰ্মসংস্থানৰ সুযোগ লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।
দেশৰ অন্যান্য অংশৰ লগতে অসমৰো বিভিন্ন স্থানত প্ৰধানমন্ত্ৰীৰ মন কী বাত সমূহীয়াকৈ শ্ৰৱণ কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ গণেশপাৰা বাথৌ মন্দিৰ প্ৰেক্ষাগৃহত মন কী বাত শুনে। ড০ শর্মাই কয়, যে এই অনুষ্ঠানে চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংযোগ স্থাপন কৰি সমাজত ৰূপান্তৰমুখী কাহিনীৰ প্ৰচাৰেৰে সকলোকে অনুপ্রাণিত কৰিছে।
গোৱালপাৰা জিলাৰ দুধনৈ বনবাসী মন্দিৰ চৌহদত মন কী বাত অনুষ্ঠানৰ শ্ৰৱণ কাৰ্যসূচীত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু গোৱালপাৰা জিলা বিজেপিৰ সভাপতি দিপাংক কুমাৰ নাথে এই কাৰ্যসূচীতে জনসাধাৰণৰ সৈতে মন কী বা শুনে। ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত মন্ত্ৰী, বিধায়ক আৰু বিজেপিৰ কৰ্মকৰ্তা সকলে বুথ পৰ্যায়ত মন কী বাত শুনে। মন্ত্রী তথা ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনে ৰূপনগৰত জনসাধাৰণৰ সৈতে মন কী বাত শুনে।
Site Admin | August 31, 2025 9:35 PM | Akashvani Guwahati | Maan ki Baat | Naredra Modi | PMO Modi
দেশে স্থানীয় সামগ্ৰীৰ ব্যৱহাৰত উদগণি যোগোৱা ভোকেল ফৰ লোকেল, আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ মন্ত্ৰৰে আগবঢ়া উচিতঃ প্রধানমন্ত্ৰী
