দেশৰ স্বাধীনতা আন্দোলনৰ এগৰাকী শক্তিশালী নেতা, অসাধাৰণ বাগ্মিতাৰ অধিকাৰী, লেখক, দেশভক্ত তৰুণৰাম ফুকনৰ পূণ্য তিথি উপলক্ষে আজি অসমৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা আন্দোলনলৈ আগবঢ়োৱা সেৱাৰ বাবে দেশভক্ত উপাধিৰে বিভূষিত ফুকনে মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনত ওতপ্রোতভাৱে জড়িত আছিল। অসম চৰকাৰৰ উদ্যোগত আজি এই মহান নেতা গৰাকীৰ পূণ্য তিথি দেশভক্তি দিৱস হিচাপে পালন কৰা হৈছে। অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ ভৰলুমুখৰ তৰুণৰাম ফুকন উদ্যানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দেশভক্তি দিৱস উপলক্ষে অসমৰ জাতীয় জীৱনলৈ অসামান্য অৱদান আগবঢ়োৱা মহান মনীষীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয়, যে জাতিটোৰ প্ৰতি থকা মৰম আৰু দায়িত্ববোধ কৰ্মৰ মাজেৰে প্ৰতিফলিত হোৱা নেতাগৰাকীৰ আদৰ্শ আৰু কৰ্মৰাজী প্ৰতিটো প্ৰজন্মৰ মাজত চৰ্চা হোৱা উচিত।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে দেশৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নেতা, সুদক্ষ বক্তা আৰু সু-লেখক তৰুণৰাম ফুকনৰ নিভাজ দেশপ্ৰেম, কৰ্মচেতনা আৰু জনহিতকৰ কামে অসমীয়া জাতিক সদায় অনুপ্ৰাণিত কৰি থাকিব বুলি মত প্রকাশ কৰে।
দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত কালি অনুষ্ঠিত দেশভক্তি কুইজ প্ৰতিযোগিতাত ৰাজ্যৰ লগতে কেৰালা, দিল্লী আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় এহেজাৰ ২০০ গৰাকী প্ৰতিযোগীৰে গঠিত মুঠ ৩৪৮ টা দলে অংশগ্ৰহণ কৰে। প্ৰাথমিক পৰ্যায়ত অনুষ্ঠিত লিখিত পৰীক্ষাৰ পৰা ৬ টা দলক চূড়ান্ত পৰ্যায়লৈ বাচনি কৰা হয়। আজি হ’বলগীয়া দেশভক্তি দিৱসৰ মূল সভাত বিজয়ীসকলক নগদ ধন আৰু প্ৰমাণ পত্ৰৰে পুৰস্কৃত কৰা হ’ব।
Site Admin | July 28, 2025 5:33 PM | Akashvani | Akashvani Guwahati | Assam Chief Minister | CMO Assam | Deshvakt Tarunram Phukan
দেশভক্ত তৰুণৰাম ফুকনৰ পূণ্য তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন
