December 30, 2025 10:20 AM | CP Radhakrishnan

printer

দেশবাসীক ধৰ্মীয় সম্প্ৰীতিৰে সমাজৰ উন্নয়ন আৰু মংগলৰ বাবে একেলগে কাম কৰিবলৈ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে দেশবাসীক ধৰ্মীয় সম্প্ৰীতিৰে সমাজৰ উন্নয়ন আৰু মংগলৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনাইছে। কালি তিৰুৱনন্তপুৰমৰ এল এম এছ গীর্জা চৌহদত বৰদিন আৰু নৱবৰ্ষ উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সকলো মানুহে জাতি, ধর্ম, বর্ণ নির্বিশেষে একেলগে একোটা ধর্মীয় উৎসৱ উদযাপন কৰিলে সাম্প্রদায়িক সম্প্ৰীতি আৰু উন্নয়নৰ প্ৰকৃত মনোভাৱৰ উমান পোৱা যায়। আজি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভার্কলাত ৯৩ সংখ্যক শিৱগিৰি তীর্থযাত্ৰাত অংশগ্রহণ কৰিব, তাৰ পিছত তিৰুৱনন্তপুৰমৰ মাৰ ইভানিয়ছ কলেজৰ হীৰক জয়ন্তী উদযাপনৰ সামৰণি সভা উদ্বোধন কৰিব।