ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশত ক্ৰীড়া আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে গোলকীয় খেল মহাশক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত ভাৰতক আগুৱাই নিছেঃ প্ৰধানমন্ত্ৰী মোদী

দেশত ক্ৰীড়া আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে গোলকীয় খেল মহাশক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত ভাৰতক আগুৱাই নিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ এটা প্ৰৱন্ধ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে আজি কয়, যে যুৱক-যুৱতীসকলক কেন্দ্ৰ হিচাপে লৈ দেশত ক্ৰীড়া আন্তঃগাঁথনিৰ অভূতপূৰ্ব বিকাশ কৰা হৈছে।
প্ৰৱন্ধটোত শ্ৰীমন্দাভিয়াই বিগত ১১ বছৰত ভাৰতত ক্ৰীড়া আন্তঃগাঁথনিৰ উল্লেখনীয় পৰিৱৰ্তন হৈছে বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে বিগত এটা দশকত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ বাজেট ৩ গুণৰো অধিক বৃদ্ধি হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰত ২০৪৭ চনৰ ভিতৰত নিজকে উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্য দিশে কাষ চাপি যোৱাৰ লগে লগে খেল, দেশৰ বিকাশ গাঁথাক সঠিক ৰূপ প্ৰদানৰ শক্তিৰূপে পৰিগণিত হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় খেল জগত গোলকীয় পৰ্য্যায়ত নতুন শিখৰত উপনীত হ’বলৈ সমর্থ হৈছে বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমন্দাভিয়াই কয়, যে ভাৰতে ২০৩৬ চনত অলিম্পিকৰ আয়োজন কৰাৰ সময়ত ক্ৰীড়াৰ দিশৰ পৰা শীৰ্ষ ১০ খন ৰাষ্ট্ৰৰ ভিতৰত আৰু ২০৪৭ চনত স্বাধীনতা লাভৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত শীৰ্ষৰ ৫ খন ৰাষ্ট্ৰৰ ভিতৰত দেশৰ নাম অন্তৰ্ভুক্ত হোৱাটো প্ৰধানমন্ত্ৰীৰ সপোন ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।