দেশজুৰি কাইলৈৰ পৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ

দেশপ্ৰেমৰ চেতনাৰে জনসাধাৰণক উদ্বুদ্ধ কৰাৰ বাবে দেশজুৰি কাইলৈৰ পৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেশাত্মবোধৰ মানসিকতাৰে ৰাইজক প্ৰেৰিত কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত হ’ব।
মন্ত্রী পীযূষ হাজৰিকাই আজি বিজেপিৰ যোৰহাট জিলা সমিতিৰ তিৰংগা বিপণীখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত তেওঁ জিলাখনৰ দলীয় কৰ্মীসকলৰ সৈতে হৰ ঘৰ তিৰংগা সন্দৰ্ভত মত-বিনিময় কৰে।
গোৱালপাৰাত জিলা পৰিবহণ বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় পতাকা লৈ বাইক ৰেলী উলিওৱা হয়। জিলা পৰিবহণ বিষয়া মনিৰুদ্দিন আহমেদে পতাকা জোকাৰি আৰম্ভ কৰা এই ৰেলী আগিয়া বজাৰত সামৰণি পৰে। হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে সকলো চৰকাৰী বিভাগৰ জিলা মূৰব্বী বিষয়া, পৌৰসভা আৰু জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত সভাৰ আয়োজন কৰে। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অনুসৰি যোৱা ২ আগষ্টৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পতাকা প্রদর্শন কার্যসূচী অহা ১৫ আগষ্টলৈ চলিব। গোৱালপাৰা জিলা প্ৰশাসনেও জিলাখনৰ প্ৰতিটো পৰিয়াল, ব্যৱসায়িক প্রতিষ্ঠান আদিক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাখিবলৈ আহ্বান জনাইছে। গোৱালপাৰা পৌৰসভা, লক্ষীপুৰ পৌৰসভা আৰু আত্মসহায়ক গোটসমূহৰ দ্বাৰা জিলাখনত বাইক ৰেলী, শোভাযাত্ৰাৰ লগতে অন্য দেশপ্রেমমূলক কার্যসূচী গ্ৰহণ কৰা হৈছে। হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে।