August 7, 2025 7:58 PM

views 31

দেশজুৰি কাইলৈৰ পৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ

দেশপ্ৰেমৰ চেতনাৰে জনসাধাৰণক উদ্বুদ্ধ কৰাৰ বাবে দেশজুৰি কাইলৈৰ পৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেশাত্মবোধৰ মানসিকতাৰে ৰাইজক প্ৰেৰিত কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। মন্ত্রী পীযূষ হাজৰিকাই আজি বিজেপিৰ যোৰহাট জিলা সমিতিৰ তিৰংগা বিপণীখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত তেওঁ জিলাখনৰ দলীয় কৰ্মীসকলৰ সৈতে হৰ ঘৰ তিৰংগা সন্দৰ্ভত মত-বিনিময় কৰে। গোৱালপাৰাত জিলা পৰিবহণ বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় পতাকা লৈ বাইক ৰেলী উলিওৱা হয়। জিলা পৰিবহণ বিষয়া মনিৰুদ্দিন আহমেদ...

August 25, 2024 8:41 PM

views 25

স্বাধীনতা দিৱস এতিয়া এটা সামাজিক মহোৎসৱত পৰিণত হোৱা বুলি দেশৰ প্ৰতিজন লোকে অনুভৱ কৰিছেঃ প্ৰধানমন্ত্ৰী মোদী

হৰ ঘৰ তিৰংগা অভিযানৰ কথা মন কী বাতত উল্লেখ কৰি প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে কয় যে, জম্মু কাশ্মীৰৰ ৰিয়েছিত এটা তিৰংগা সমদলত বিশ্বৰ সৰ্বোচ্চ ৰেলৱে সেঁতু চেনাব ৰেলৱে সেঁতুত ৭৫০ মিটাৰ দীঘল ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল। তেওঁ গৌৰৱেৰে কয় যে, এই ছবি দেখা প্ৰতিজন লোকৰে হৃদয় আনন্দৰে ভৰপূৰ হৈ উঠিছে। শ্রীমোদীয়ে কয় যে, শ্ৰীনগৰৰ দাল হ্ৰদতো তিৰংগা যাত্ৰাৰ অবিস্মৰণীয় ছবি দেখা গৈছিল। অৰুণাচল প্ৰদেশৰ পূৱ কামেং জিলাত ৬০০ ফুট দীঘল ৰাষ্ট্ৰীয় পতাকা লৈ তিৰংগা যাত্ৰা অনুষ্ঠিত হৈছিল বুলি উল্লেখ কৰি তেওঁ...

August 13, 2024 3:27 PM

views 32

৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযান উদযাপন নাগপুৰ পৌৰ নিগমৰ

নাগপুৰ পৌৰ নিগমে যোৱা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে উদ্যম আৰু উৎসাহেৰে গ্ৰহণ কৰা হৰ ঘৰ তিৰংগা অভিযান উদযাপন কৰিছে। এই উদযাপনৰ অংশ হিচাপে আজি তিৰংগা মাৰাথন আয়োজন কৰা হয়। নাগপুৰ পৌৰ নিগমৰ সহকাৰী পৌৰ আয়ুক্ত প্রকাশ ৱাহেঁড়ে ছেইণ্ট উছুলা বিদ্যালয়ত অনুষ্ঠিত মাৰাথন দৌৰৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। এই মাৰাথনত বহুসংখ্যক নাগৰিকেও অংশগ্ৰহণ কৰে৷

August 10, 2024 6:21 PM

views 27

স্বাধীনতা দিৱস উপলক্ষে অসমতো হৰ ঘৰ তিৰংগা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব : মন্ত্ৰী বিমল বৰা

সমাগত স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি আয়োজিত হ'বলগীয়া হৰ ঘৰ তিৰংগা কাৰ্যসূচী অসমতো ৰূপায়ণ কৰা হ'ব। এই সম্পর্কে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত দিছপুৰৰ জনতা ভৱনত আয়োজিত এখন সভাত কাৰ্যসূচীসমূহ চূড়ান্ত কৰাৰ লগতে পর্যালোচনাও কৰা হয়। সভাত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ আয়োজিত হ'ব লগা হৰ ঘৰ তিৰংগা কাৰ্যসূচীত গ্রামীণ জীৱিকা অভিযানৰ বিষয়াসকলক জীৱিকা সখীৰ দ্বাৰা সমগ্ৰ ৰাজ্যতে স্কুটী ৰেলী অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিয়া হয়। সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অহা ১৩ আগষ্টত শ্ৰীম...