দুৰ্গা পূজাৰ সময়তো ধুবুৰীত শ্বুট এট ছাইট নির্দেশনা বাহাল থাকিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। পৰিস্থিতি সাপেক্ষে ধুবুৰীত অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰিছে। কালি পৰ্বতঝোৰাত বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিছে। উচ্ছেদ অভিযানে বনাঞ্চলসমূহ ৰক্ষা কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে সকলো মানুহে বনাঞ্চল দখল কৰিব নালাগে বুলি বুজি পোৱা উচিত। বনাঞ্চলত আইন সংগতভাৱে কোনো মানুহে বাস কৰিব নোৱাৰে।
আনহাতে বিটিআৰত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ দিশত আগবাঢ়ি থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে বিটিচিত বিজেপি চৰকাৰ গঠন হ’লে ভিচিডিচি ব্যৱস্থা নোহোৱা কৰা হ’ব। বিটিআৰত দুখীয়াৰ প্ৰাপ্য কাঢ়ি খোৱা এন্দুৰ বহুত আছে বুলি উল্লেখ কৰি বিজেপি শাসনলৈ আহিলে এইসকলক আঁতৰোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ কয়। দিল্লী আৰু দিছপুৰত বিজেপি নেতৃত্বাধীন চৰকাৰ থকাৰ দৰে কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ হ’লে বিটিআৰৰ দ্রুত উন্নয়ন সম্ভৱ হ’ব বুলি তেওঁ কয়। বিটিআৰত বিজেপিয়ে চৰকাৰ গঠন কৰিলে কোনো দুখীয়া লোক আঁচনিৰ পৰা বঞ্চিত হ’বলগীয়া নহ’ব বুলিও তেওঁ কয়। বিজেপিয়ে অহা ৩০ বা ৩১ আগষ্টৰ ভিতৰত প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।
Site Admin | August 27, 2025 12:20 PM | Assam CM Direction
দুৰ্গা পূজাৰ সময়তো ধুবুৰীত শ্বুট এট ছাইট নির্দেশনা বাহাল থাকিব : মুখ্যমন্ত্রী
