ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দুলীয়াজানত অনুষ্ঠিত অসম গ্ৰন্থমেলাত প্রায় ৪০ লাখ টকাৰ কিতাপ বিক্ৰী

ডিব্ৰুগড় জিলাৰ দুলীয়াজানত অনুষ্ঠিত অসম গ্ৰন্থ মেলাৰ কালি সামৰণি পৰে। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অনুষ্ঠিত এই গ্রন্থমেলাত প্রায় ৪০ লাখ টকাৰ কিতাপ বিক্ৰী হয়। সামৰণি অনুষ্ঠানত কালি শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগু উপস্থিত থাকে।

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কিতাপ পঢ়াৰ আন্দোলনত সকলোকে চামিল হ’বলৈ আহ্বান জনায়। তেওঁ কয়, যে অধ্যয়নে অশান্ত মনক শান্ত কৰিব পাৰে। সেয়েহে সৰুৰেপৰা ল’ৰা-ছোৱালীক কিতাপৰ প্ৰতি আকৰ্ষিত কৰি পঠনৰ জৰিয়তে মানসিক ব্যায়ামৰ প্ৰশিক্ষণ দিয়া উচিত।

ইফালে, সন্মানীয় অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট বিজ্ঞানী তথা লেখক ড° দীনেশ চন্দ্র গোস্বামীয়ে কয়, যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম গ্রন্থমেলা আয়োজন কৰাটো ৰাজ্যবাসীৰ বাবে আনন্দৰ বতৰা। ইয়াৰ জৰিয়তে গ্ৰন্থৰ প্ৰসাৰ হোৱাৰ লগতে বৌদ্ধিক পৰিৱেশ সমৃদ্ধ হৈছে।