অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰত দলীয় নেতা আৰু কৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। দুদিনীয়া কোকৰাঝাৰ ভ্ৰমণৰ সময়ছোৱাত শ্ৰীগগৈয়ে পৰ্বতঝৰা বাছবাৰী, ফকিৰাগ্ৰাম আৰু শ্ৰীৰামপুৰলৈও যাব আৰু তাত তেওঁ দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যে তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। সাংবাদিকৰ সৈতে হোৱা কথা – বতৰাত শ্ৰীগগৈয়ে কয় যে দলে সমাগত বি টি চি নির্বাচন অত্যন্ত গুৰুত্ব সহকাৰে লৈছে। দলে তৃণমূল পৰ্যায়লৈ গৈ জনসাধাৰণৰ সৈতে সহযোগিতাৰে কাম কৰি দলীয় ভেটি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ মন্তব্য কৰে। শ্ৰীগগৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি জনসাধাৰণৰ সমস্যাসমূহ সমাধান কৰাত তেওঁ সম্পূৰ্ণ ব্যর্থ হোৱা বুলি অভিযোগ তোলে। তৃণমূল পৰ্যায়ৰ বাস্তৱ সমস্যাসমূহৰ সৈতে ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে চৰকাৰখনে তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণতো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।
Site Admin | June 22, 2025 7:37 PM | Gaurav Gogoi
দুদিনীয়া কাৰ্যসূচীৰে সাংসদ গৌৰৱ গগৈৰ কোকৰাঝাৰ ভ্ৰমণ
