ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 24, 2025 7:45 PM | Majuli

printer

দুদিনীয়া কাৰ্যসূচীৰে মাজুলীৰ ফুলনী অঞ্চলৰ শংকৰদেৱ শিশু নিকেতনৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস

মাজুলীৰ ফুলনী অঞ্চলৰ শংকৰদেৱ শিশু নিকেতনৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। ১৯৯৮ চনত স্থাপন হোৱা এই বিদ্যালয়খনে অঞ্চলটোৰ শৈক্ষিক বিকাশত বিশেষ ভূমিকা পালন কৰি আহিছে। প্ৰতিষ্ঠা দিৱসৰ আজি প্ৰথম দিনা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা কাৰ্যসূচীত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰধান আচার্যকে ধৰি ২৫জন ব্যক্তিয়ে ২৭খন পতাকা উত্তোলন কৰে। বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰোহিত শৰ্মাই প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। কাইলৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচিত কেলিগোপাল নাটৰ আধাৰত শ্ৰীশ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা পৰিবেশন কৰা হ’ব।