ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দুদিনীয়া অসম আৰু মেঘালয় ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান দুদিনীয়া অসম আৰু মেঘালয় ভ্রমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত ৰাজ্যৰ কৃষিমন্ত্ৰী আৰু বিভাগীয় বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। মন্ত্ৰী শ্ৰীচৌহানে মেঘালয়ৰ উমিয়ামত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ আঞ্চলিক কেন্দ্ৰৰ সোণালী জয়ন্তী সমাৰোহতো উপস্থিত থাকিব। এই সমাৰোহত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুও উপস্থিত থকাৰ কথা। কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গুৱাহাটীত আয়োজিত এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। উত্তৰ পূৰ্বাঞ্চলৰ কৃষি, গ্ৰামোন্নয়ন আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ণৰ পৰ্যালোচনাৰ দৃষ্টিকোণৰ পৰা মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।