November 26, 2025 7:09 PM | National milk day

printer

দুগ্ধ আৰু দুগ্ধজাত খাদ্যৰ শক্তিক উদযাপন কৰো আহক শীৰ্ষক বিষয়বস্তুৰে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস। ভাৰতবৰ্ষত শ্বেত বিপ্লৱৰ সূচনা কৰা দুগ্ধ মানৱ উপাধিৰে বিভুষিত ড° ভাগিছ কুৰিয়ানৰ জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ২৬ নৱেম্বৰৰ দিনটোক দুগ্ধ দিৱস উদযাপন কৰা হয়। দুগ্ধ আৰু দুগ্ধজাত খাদ্যৰ শক্তিক উদযাপন কৰো আহক শীৰ্ষক বিষয়বস্তুৰে এইবাৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
নতুন দিল্লীতো এই দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত মীন, পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা ২০২৫ প্ৰদান কৰে। একেটা কাৰ্যসূচীতে বিভাগটোক অধিক উজ্জীৱিত কৰাৰ লক্ষ্যৰে কেইবাটাও বিশেষ প্ৰকল্পৰো উদ্বোধন কৰা হয় ৷