November 26, 2025 8:12 PM

views 24

ভাৰতত বিশ্বৰ ভিতৰতে সর্বাধিক পৰিমাণৰ দুগ্ধ উৎপাদন কৰা হয় বুলি দুগ্ধ উৎপাদন দপ্তৰৰ ৰাজ্যমন্ত্রী ড০ এছ পি সিং বাঘেলৰ মন্ত্ৰী

দুগ্ধ খণ্ড হৈছে দেশৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ আৰু গাঁও তথা কৃষকসকলে এই খণ্ডলৈ সমৃদ্ধি আনে। নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ কাৰ্যসূচীত অংশ লৈ মৎস্য, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ ৰাজ্যমন্ত্রী ড০ এছ পি সিং বাঘেলে আজি এই কথা প্রকাশ কৰে। ড০ বাঘেলে কয় যে ভাৰতত বিশ্বৰ ভিতৰতে সর্বাধিক পৰিমাণৰ দুগ্ধ উৎপাদন কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বেত বিপ্লৱৰ পিতা ভার্গিজ কুৰিয়ানৰ প্ৰশংসনীয় কামত আলোকপাত কৰি কয় যে শ্বেত বিপ্লবে কৃষকসকলক মধ্যভোগীৰ পৰা মুক্ত কৰি তেওঁলোকৰ কামক মর্যাদা প্রদান কৰিলে। এই...

November 26, 2025 7:09 PM

views 21

দুগ্ধ আৰু দুগ্ধজাত খাদ্যৰ শক্তিক উদযাপন কৰো আহক শীৰ্ষক বিষয়বস্তুৰে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস। ভাৰতবৰ্ষত শ্বেত বিপ্লৱৰ সূচনা কৰা দুগ্ধ মানৱ উপাধিৰে বিভুষিত ড° ভাগিছ কুৰিয়ানৰ জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ২৬ নৱেম্বৰৰ দিনটোক দুগ্ধ দিৱস উদযাপন কৰা হয়। দুগ্ধ আৰু দুগ্ধজাত খাদ্যৰ শক্তিক উদযাপন কৰো আহক শীৰ্ষক বিষয়বস্তুৰে এইবাৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল মুখ্য অতিথি হিচাপে উপ...

November 26, 2025 11:57 AM

views 33

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস। শ্বেতবিপ্লৱৰ জনক ভাৰতবৰ্ষৰ দুগ্ধ মানৱ উপাধিৰে বিভুষিত ড° ভাগিছ কুৰিয়ানৰ জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয়। এই বছৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ বিষয়বস্তু হৈছে- দুগ্ধ আৰু দুগ্ধজাত খাদ্যৰ শক্তিক উদযাপন কৰো আহক। এই দিৱস উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত মীন, পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা ২০২৫ প্ৰদান কৰিব। একেটা কাৰ্যসূচীতে বিভাগটোক অধিক উজ্জীৱিত কৰাৰ লক্ষ্যৰে কেইবাটাও বিশেষ প্ৰকল্পৰো উদ্বোধন...

November 26, 2024 12:00 PM

views 18

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস; নতুন দিল্লীত বিশেষ অনুষ্ঠানৰ আয়োজন

আজি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস ৷ ভাৰতৰ শ্বেত বিপ্লৱৰ জনক হিচাপে খ্যাত ড° ভার্গিজ কুৰিয়েনৰ ১০৩ সংখ্যক জয়ন্তী উপলক্ষে এই দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ভাৰতীয় অৰ্থনীতি আৰু পুষ্টি সুৰক্ষাৰ ক্ষেত্ৰত দুগ্ধ খণ্ডৰ গুৰুত্বপূৰ্ণ অৱদানসমূহত আলোকপাত কৰা হ'ব। আজিৰ অনুষ্ঠানত পশুপালন আৰু দুগ্ধ খণ্ডৰ ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটাও প্ৰদান কৰা হ'ব।

November 25, 2024 7:11 PM

views 27

কাইলৈ সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস পালন

ভাৰতৰ শ্বেত বিপ্লৱৰ জনক ড° ৱাৰঘিজ কুৰিয়ানৰ ১০৩ সংখ্যক জয়ন্তী উপলক্ষে কাইলৈ সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস পালন কৰা হ'ব। পশুপালন আৰু দুগ্ধ বিভাগে কয়, যে এই অনুষ্ঠানত ভাৰতৰ অৰ্থনীতি আৰু পুষ্টি সুৰক্ষাৰ ক্ষেত্ৰত দুগ্ধ খণ্ডৰ গুৰুত্বপূৰ্ণ অৱদানৰ ওপৰত আলোকপাত কৰা হ'ব। এই উপলক্ষে কেন্দ্রীয় মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে পশুধন আৰু দুগ্ধ খণ্ডৰ সন্মানীয় ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা প্ৰদান কৰিব। এই বৃহৎ কাৰ্যসূচীত সমগ্ৰ দেশৰ কৃষক, দুগ্ধ সংস্থা আৰু দুগ্ধ সমবায়ৰ প্রতিনিধিসকলে অংশগ্রহণ...