দীৰ্ঘদিন ধৰি শিৱসাগৰত ডকাইতি কৰি অহা এটা দলৰ কেইবাজনো সদস্যক গ্ৰেপ্তাৰ

■ শিৱসাগৰ আৰক্ষীয়ে কালি অভিযান চলাই ৰাজপথত দীৰ্ঘদিন ধৰি ডকাইতি কৰি অহা এটা দলৰ কেইবাজনো সদস্যক কালি গ্ৰেপ্তাৰ কৰে। এই লোককেইজনে শিৱসাগৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰি আহিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ৫ জনীয়া যুৱকৰ এটা দলে শিৱসাগৰ বাইপাছত দূৰণিবটীয়া যাত্রীবাহী বাহনৰ পৰা নিশা ভাবুকি দেখুৱাই ধন আদায় কৰিছিল। আৰক্ষীয়ে এই খবৰ লাভ কৰি কালি দলটোক আটক কৰে। আৰক্ষীয়ে ইতিমধ্যে ধন দাবীৰ গোচৰ ৰুজু কৰি যুৱককেইজনক গ্ৰেপ্তাৰ কৰিছে। যুৱক কেইজনৰ পৰা কেইবাখনো মটৰ চাইকেল জব্দ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা যুৱককেইজন যজ্ঞদীপ ভূঞা, মনদীপ গগৈ, সাৰংগ গগৈ, মানসজ্যোতি হাজৰিকা আৰু দেৱব্ৰত গগৈ বুলি চিনাক্ত কৰা হৈছে।