অসমৰ সংবাদ জগতৰ মহীৰূহ, দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক প্রফুল্ল গোবিন্দ বৰুৱাৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৩ বছৰ। দীৰ্ঘকাল ধৰি দৈনিক অসম কাকতৰ সম্পাদক হিচাপেও দায়িত্ব পালন কৰা প্ৰফুল্ল গোবিন্দ বৰুৱাই ২০১৮ চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ সাংবাদিকতাৰ ক্ষেত্ৰত অন্যতম বৰেণ্য ব্যক্তি বৰুৱাই সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বহু সন্মান লাভ কৰিছিল। সাহিত্য, কলা আৰু সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম সাহিত্য সভাই তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছিল। আজি দিনৰ ভাগত নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। চিকিৎসালয়ৰ পৰা তেওঁৰ নশ্বৰদেহ প্রথমে চানমাৰিৰ বাসগৃহলৈ আৰু তাৰ পাছত আছাম ট্ৰিবিউনৰ চৌহদলৈ আনি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব।
Site Admin | December 15, 2025 12:18 PM | death news
দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক প্রফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান