December 15, 2025 12:18 PM

views 37

দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক প্রফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান

অসমৰ সংবাদ জগতৰ মহীৰূহ, দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক প্রফুল্ল গোবিন্দ বৰুৱাৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৩ বছৰ। দীৰ্ঘকাল ধৰি দৈনিক অসম কাকতৰ সম্পাদক হিচাপেও দায়িত্ব পালন কৰা প্ৰফুল্ল গোবিন্দ বৰুৱাই ২০১৮ চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ সাংবাদিকতাৰ ক্ষেত্ৰত অন্যতম বৰেণ্য ব্যক্তি বৰুৱাই সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে বহু সন্মান লাভ কৰিছিল। সাহিত্য, কলা আৰু সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম সাহিত্য সভাই তে...

June 21, 2025 8:10 PM

views 39

সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মথুৰামোহন গোস্বামীৰ দেহাৱসান

বজালী জিলাৰ সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মথুৰামোহন গোস্বামীৰ আজি দুপৰীয়া দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা গোস্বামীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৫ বছৰ। গোবিন্দপুৰ সত্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা গোস্বামী কবি, নিবন্ধকাৰ ৰূপেও পৰিচিত আছিল। তেওঁ ৰচনা কৰা কেইখনমান গ্ৰন্থ হৈছে মধুলগ্ন, জীৱন ছন্দ, সুৰ ছন্দ, সেই ৰাত্রি, কালৰাত্ৰি, নয়নমণিৰ সংসাৰ ইত্যাদি। তেওঁৰ মৃত্যুত কেবিনেট মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ লগতে বজালীৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শ...

April 9, 2025 8:21 PM

views 31

থিৰু কুমাৰী অনন্থনৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোক প্ৰকাশ

৯২ বছৰ বয়সত আজি দেহাৱসান ঘটা বিশিষ্ট কংগ্ৰেছ নেতা থিৰু কুমাৰী অনন্থনৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয়, যে তামিলনাডুৰ জনসাধাৰণৰ কল্যাণ আৰু তামিলনাডুৰ উন্নতিৰ বাবে নেতাগৰাকীয়ে আগবঢ়োৱা অৱদানৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব। শ্রীমোদীয়ে লগতে কয়, যে এইগৰাকী বিশিষ্ট নেতাই তামিল ভাষা আৰু সংস্কৃতিক জনপ্ৰিয় কৰি তোলাৰ বাবে অশেষ প্রচেষ্টা চলাইছিল।

March 18, 2025 12:09 PM

views 48

লোক সংস্কৃতিৰ সাধক, সমাজকর্মী লোকনাথ কুটুমৰ দেহাৱসান

লোক সংস্কৃতিৰ সাধক, সমাজকর্মী তথা ভাৰতীয় জনতা পাৰ্টিৰ মাজুলী জিলা সমিতিৰ প্ৰাক্তন সভাপতি লোকনাথ কুটুমৰ কালি নিশা মাজুলী জিলা চিকিৎসালয়ত মৃত্যু হয়। মাজুলীৰ চুমৈমাৰী গাঁও নিবাসী সমাজকর্মীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৮ বছৰ। কুটুমৰ মৃত্যুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়া, মন্ত্রী বিমল বৰাকে ধৰি বিভিন্নজনে শোক প্রকাশ কৰিছে।

February 12, 2025 6:46 PM

views 28

মঙলদৈৰ বিশিষ্ট গ্রন্থ বিক্রেতা তথা জনপ্রিয় কবি দুর্লভ শৰ্মাৰ মৃত্যু

মঙলদৈৰ বিশিষ্ট গ্রন্থ বিক্রেতা তথা সামাজিক মাধ্যমৰ জনপ্রিয় কবি দুর্লভ শৰ্মাৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মঙলদৈৰ বিষ্ণুৰাভা পথত অনুষ্ঠিত শৰ্মা ব্ৰাডাৰ্ছ নামৰ গ্ৰন্থ বিক্রেতা প্রতিষ্ঠানৰ স্বত্বাধিকাৰী শৰ্মা ব্যৱসায় সংক্রান্তত বৰপেটা ৰোডলৈ গৈছিল আৰু কালি তেওঁ হঠাতে অসুস্থ হৈ পৰে। তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় যদিও তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কবে। মঙলদৈ শান্তিপুৰ নিবাসী দুর্লভ শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৬০ বছৰ।

September 2, 2024 6:16 PM

views 53

জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ দেহাৱসান

বৰপেটা ৰোডৰ বাসিন্দা, জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ আজি পুৱা দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত ভূগি থকা দাসৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৭ বছৰ। সুদীৰ্ঘ দিন ধৰি সাংবাদিকতাৰ সৈতে জড়িত দাসে গুৱাহাটীৰ পৰা প্ৰকাশিত কেইবাখনো দৈনিক বাতৰি কাকতৰ লগতে বৈদ্যুতিন মাধ্যমৰ সৈতেও জড়িত আছিল। তদুপৰি অসম নাট্য সন্মিলনৰ বৰপেটা জিলাৰ সভাপতি আৰু জিলা সাহিত্য সভাৰ সম্পাদকৰ দায়িত্বও তেওঁ পালন কৰিছিল। তেওঁৰ মৃত্যুত জিলাখনত শোকৰ ছাঁ পৰিছে।

April 8, 2024 11:23 AM

views 60

শংকৰী সাহিত্যৰ পণ্ডিত, অধ্যাপক ভৱপ্ৰসাদ চলিহাৰ দেহাৱসান

শংকৰী সাহিত্যৰ পণ্ডিত, অধ্যাপক ভৱপ্ৰসাদ চলিহাৰ কালি সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ-পদাধিকাৰৰ আসন শুৱনি কৰাৰ লগতে ৰাজ্য চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাও লাভ কৰিছিল। অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০খনৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ কৰাৰ উপৰি কেইবাখনো অভিধানৰ তেওঁ যুটীয়া সংকলক আছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা চলিহাই শংকৰী সংস্কৃতিৰ অধ্যয়ন, শংকৰী সাহিত্যৰ সমীক্ষা, মাধৱদেৱৰ সাহিত্য, ...