দিল্লী পৌৰ নিগমৰ ১২টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত উপ-নির্বাচনত বিজেপিয়ে ৭ খন আসন লাভ কৰিছে। এই উপ-নির্বাচনত আম আদমী পার্টিয়ে ৩ খন আৰু কংগ্ৰেছ আৰু অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক দলে এখনকৈ আসনত জয়লাভ কৰিছে। ফলাফল ঘোষণা হোৱাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত চান্দনী চৌক সমষ্টিৰ সাংসদ প্রবীণ খাণ্ডেলৱালে কয় যে পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফলত দিল্লীত বিজেপিয়ে কৰা কাম-কাজৰ প্ৰতিফলন পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে যোৱা ৩০ নৱেম্বৰত মুঠ ৫৮০ টা ভোট কেন্দ্ৰত ভোটগ্রহণ সম্পন্ন হোৱা এই উপ-নির্বাচনত ২৬ গৰাকী মহিলাকে ধৰি মুঠ ৫১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।
Site Admin | December 3, 2025 3:45 PM | Akashvani | Akashvani News | BJP | Delhi Municipality Election | Election | Political News
দিল্লী পৌৰ নিগমৰ ১২টা ৱাৰ্ডৰ উপ-নির্বাচনত বিজেপিৰ ৭ খন আসন লাভ