ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 2, 2024 7:02 PM | AAP | Delhi

printer

দিল্লী চৰকাৰে প্ৰণালীবদ্ধভাৱে দিল্লী মহিলা আয়োগ ভংগ কৰাৰ অভিযোগ উত্থাপন আপৰ সাংসদ স্বাতী মালিৱালৰ

আম আদমী পাৰ্টীৰ সাংসদ স্বাতী মালিৱালে দিল্লী চৰকাৰে প্ৰণালীবদ্ধভাৱে দিল্লী মহিলা আয়োগ ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ লিখা এখন পত্ৰত শ্ৰীমতী মালিৱালে কয় যে তেওঁ আয়োগৰ নেতৃত্ব দিয়া সময়ছোৱাত নিৰ্মিত ব্যৱস্থাসমূহ চৰকাৰে ধ্বংস কৰিছে। তেওঁ আয়োগৰ কৰ্মচাৰীৰ অনাদায় দৰমহা, বাজেট কর্তন, কৰ্মচাৰীৰ অপসাৰণ আৰু নেতৃত্বৰ পদ খালী হোৱাৰ অভিযোগ কৰিছে। তেওঁ মহিলা হেল্পলাইন নম্বৰ প্ৰত্যাহাৰ কৰা ঘটনাটোতো উদ্বেগ প্রকাশ কৰিছে। শ্ৰীমতী মালিৱালে এই গোটেই বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰাৰ লগতে মহিলা আৰু শিশুৰ প্ৰতি থকা চৰকাৰৰ দায়বদ্ধতা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।