ডাউনলোড
মোবাইল এপ

android apple
signal

দিল্লীত ৰাষ্ট্ৰপতি মুৰ্মুৰ ভাষণৰ দ্বিতীয়টো সংকলন ৱিংজ টু আৱাৰ হোপছ্ নামৰ গ্ৰন্থখন মুকলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণৰ দ্বিতীয়টো সংকলন ৱিংজ টু আৱাৰ হোপছ্ নামৰ গ্ৰন্থখন মুকলি কৰে। উল্লেখযোগ্য যে এইটো সংকলনত ২০২৩ চনৰ আগষ্ট মাহৰ পৰা ২০২৪ চনৰ জুলাই মাহলৈকে বিভিন্ন অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰদান কৰা ভাষণসমূহক লিপিবদ্ধ কৰি গ্ৰন্থৰ ৰূপ দিয়া হৈছে। আজিৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানো উপস্থিত থাকে। গ্ৰন্থখন মুকলি কৰি প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীসিঙে এই সংকলনে বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকক নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ অনুপ্ৰাণিত কৰিব বুলি মন্তব্য কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই গ্ৰন্থখনৰ জৰিয়তে ভৱিষ্যতৰ প্ৰজন্মসমূহক বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকীৰ জনকল্যানমূলক চিন্তা চৰ্চাৰ বিষয়ে সজাগ কৰি তুলিব বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে ৱিংজ টু
আৱাৰ হোপছৰ দ্বিতীয়টো সংকলন হিন্দী আৰু ইংৰাজী ভাষাত প্ৰকাশ কৰা হৈছে আৰু গ্ৰন্থখনৰ অনলাইন সংস্কৰণো উপলব্ধ হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।