● কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে ২৫ লাখৰো অধিক লোকে ডিজিটেল জীৱিতৰ প্ৰমাণ পত্ৰ প্ৰস্তুত কৰাৰ বাবে মুখমণ্ডলৰ জৰিয়তে প্রমাণীকৰণৰ প্ৰক্ৰিয়া আঁকোৱালি লোৱা বুলি প্ৰকাশ কৰিছে। ড° সিঙে কালি নতুন দিল্লীত চতুৰ্থ ৰাষ্ট্ৰজোৰা ডিজিটেল জীৱিতৰ প্ৰমাণ পত্ৰ মুকলি কৰি এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে এই অভিযান ডিজিটেল ইণ্ডিয়া অনুযায়ী পেঞ্চন ধাৰকসকলৰ ডিজিটেল সৱলীকৰণৰ এটা অনন্য সুযোগ। তেওঁ কয়, যে পূৰ্বতে এনে প্ৰমাণ পত্ৰৰ বাবে বায়’মেট্ৰিকছ ব্যৱস্থা ব্যৱহাৰ কৰা হৈছিল, কিন্তু ৭৫ বছৰ বা তাতকৈ অধিক বয়সৰ পেঞ্চন ধাৰকৰ বাবে এয়া নিৰ্ভৰযোগ্য নাছিল। ১০০ বছৰতকৈ অধিক বয়সৰ প্ৰায় দুহেজাৰ ২০০ গৰাকী পেঞ্চনধাৰকে পেঞ্চন লাভ কৰি আছে বুলি তেওঁ উল্লেখ কৰে ৷ তেওঁ কয়, যে মুখমণ্ডলৰ জৰিয়তে প্রমাণীকৰণৰ সুবিধা গ্ৰহণ কৰা ২৫ লাখ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ভিতৰত ৩০ হাজাৰৰো অধিক হিতাধিকাৰীক ৯০ বছৰ ঊৰ্ধৰ। তেওঁ কয়, যে এই পৰিসংখ্যাৰ পৰা এতিয়া যে অধিকাংশ লোকে আধুনিক প্রযুক্তি আঁকোৱালি লৈছে সেয়া স্পষ্ট হৈ পৰিছে। তেওঁ কয়, যে এই অভিযান এই মাহৰ শেষ ভাগলৈ চলিব ।
Site Admin | November 6, 2025 11:48 AM | Akashvani | Akashvani News | Dr. Jitendra Singh
দিল্লীত চতুৰ্থ ৰাষ্ট্ৰজোৰা ডিজিটেল জীৱিতৰ প্ৰমাণ পত্ৰ মুকলি ড° জিতেন্দ্ৰ সিঙৰ