কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে আজি নতুন দিল্লীত খুতবাত -এ-মোদী-লালকিল্লা কী ফটীল চে শীর্ষক এখন গ্ৰন্থ উন্মোচন কৰে । সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীপ্ৰধানে প্ৰকাশ কৰা অনুসৰি এই গ্ৰন্থখনত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০১৪ ৰ পৰা ২০২৫ চনলৈকে স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণসমূহ সন্নিবিষ্ট কৰা হৈছে। শ্রীপ্রধানে লগতে কয় যে এই ভাষণ সমূহে সবকা সাথ সবকা বিকাশ আৰু সবকা প্রয়াসৰ আদর্শেৰে নিজৰ কৰ্মজীৱনক উজ্জীৱিত কৰা শ্ৰীমোদীৰ অবিৰত প্ৰচেষ্টাকে প্ৰতিফলিত কৰে। অন্ত্যোদয়, স্বচ্ছ ভাৰতৰ দৰে ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা আন বহুকেইটা বিষয়ৰ ওপৰত এই গ্ৰন্থখনত আলোকপাত কৰা হৈছে। উল্লেখযোগ্য যে এই গ্ৰন্থখন হৈছে প্ৰধানমন্ত্ৰীৰ ভাষণসমূহৰ উৰ্দু ভাষালৈ অনুবাদিত ৰূপৰ সংকলন আৰু উৰ্দু ভাষাৰ প্ৰসাৰৰ বাবে থকা ৰাষ্ট্ৰীয় পৰিষদে এই গ্ৰন্থখন প্ৰকাশ কৰিছে।
Site Admin | January 6, 2026 1:55 AM | Akashvani | Akashvani News | Dharmenda Pradhan
দিল্লীত খুতবাত -এ-মোদী-লালকিল্লা কী ফটীল চে শীর্ষক এখন গ্ৰন্থ উন্মোচন কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ