ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 6, 2025 6:04 PM | Prakash Utsav

printer

দশম শিখ গুৰু, গুৰু গোবিন্দ সিঙৰ প্ৰকাশ উৎসৱ উপলক্ষে ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

দশম শিখ গুৰু, গুৰু গোবিন্দ সিঙৰ প্ৰকাশ উৎসৱ উপলক্ষে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তা যোগে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে গুৰু গোবিন্দ সিঙৰ মানৱ জাতিৰ কল্যাণৰ প্ৰতি নিস্বাৰ্থ ভাৱনাই জনসাধাৰণক সদায় অনুপ্ৰাণিত কৰি আহিছে। এইজনা গুৰুৱে সদায়েই সমতা আৰু ন্যায়ৰ পাঠ দিছিল বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে গুৰু গোবিন্দ সিঙৰ শিকনিসমূহে নিৰন্তৰ মানুহক সততা,শান্তি আৰু একতাৰ পথেৰে আগবাঢ়িবলৈ প্ৰেৰণা যোগাই যাব বুলি মন্তব্য কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আজি এই উপলক্ষে মহান গুৰুগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। এটা বাৰ্তাত তেওঁ কয়, যে গুৰু গোবিন্দ সিঙৰ বাণীসমূহে জনসাধাৰণক এখন উন্নত, সমৃদ্ধিশালী আৰু সহানুভূতি সম্পন্ন সমাজ গঢ়াৰ বাবে প্ৰেৰণা যোগাই আহিছে।