January 6, 2025 6:04 PM

views 23

দশম শিখ গুৰু, গুৰু গোবিন্দ সিঙৰ প্ৰকাশ উৎসৱ উপলক্ষে ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

দশম শিখ গুৰু, গুৰু গোবিন্দ সিঙৰ প্ৰকাশ উৎসৱ উপলক্ষে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তা যোগে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে গুৰু গোবিন্দ সিঙৰ মানৱ জাতিৰ কল্যাণৰ প্ৰতি নিস্বাৰ্থ ভাৱনাই জনসাধাৰণক সদায় অনুপ্ৰাণিত কৰি আহিছে। এইজনা গুৰুৱে সদায়েই সমতা আৰু ন্যায়ৰ পাঠ দিছিল বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে গুৰু গোবিন্দ সিঙৰ শিকনিসমূহে নিৰন্তৰ মানুহক সততা,শান্তি আৰু একতাৰ পথেৰে আগবাঢ়িবলৈ প্ৰেৰণা যোগাই যাব বুলি মন্তব্য কৰে। প্রধানম...