দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী কিম ছন হোই বৈৰী দেশ উত্তৰ কোৰিয়াৰ প্ৰৰোচনামূলক কাৰ্যৰ বিৰুদ্ধে সতৰ্ক আৰু শক্তিশালী হৈ থাকিবলৈ দেশখনৰ প্ৰতিৰক্ষা বাহিনীলৈ আহ্বান

দক্ষিণ কোৰিয়াৰ তত্বাৱধায়ক প্ৰতিৰক্ষা মন্ত্ৰী কিম ছন হোই বৈৰী দেশ উত্তৰ কোৰিয়াৰ প্ৰৰোচনামূলক কাৰ্যৰ বিৰুদ্ধে সতৰ্ক আৰু শক্তিশালী হৈ থাকিবলৈ দেশখনৰ প্ৰতিৰক্ষা বাহিনীক আহ্বান জনাইছে। দেশখনৰ সাংবিধানিক আদালতে পদচ্যুত ৰাষ্ট্ৰপতি উন চুক ইয়লৰ বিৰুদ্ধে মহাভিযোগ প্রক্রিয়া চলাবলৈ দিয়া নিৰ্দেশৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আজি ছিউলত দেশখনৰ প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ বিষয়া, সেনাবাহিনীৰ মুৰব্বী আৰু সশস্ত্র বাহিনীকেইটাৰ মুৰববীসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উত্তৰ কোৰিয়াই পৰিস্থিতিৰ সুযোগ লৈ চলাব পৰা যিকোনো কাৰ্যৰ বিৰুদ্ধে শক্তিশালী ৰূপত প্ৰস্তুতি চলাবলৈ শীৰ্ষ বিষয়াসকলক পৰামৰ্শ দিয়ে। তেওঁ ৰাজনৈতিক পক্ষপাতহীনভাৱে আঁচনি প্ৰস্তুত কৰি সামৰিক প্ৰশিক্ষণ আৰু অভিযান আৰম্ভ কৰিবলৈ বিষয়াসকলক পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে যোৱা বছৰৰ ৩ ডিচেম্বৰত দক্ষিণ কোৰিয়াত আচম্বিতে সামৰিক শাসন ঘোষণা কৰাৰ ফলত সৃষ্টি হোৱা বিক্ষোভৰ পাছত ৰাষ্ট্ৰপতি উন ছুকে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। তেওঁৰ এই কাৰ্যৰ বাবে তেওঁৰ বিৰুদ্ধে মহাভিযোগ চলাবলৈ দেশখনৰ সাংবিধানিক আদালতে কালি এটা সৰ্বসন্মত ৰায়দান কৰিছিল।