December 26, 2025 6:30 PM

views 37

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে ক্ষেপনাস্ত্ৰ আৰু গোলা উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে নতুন বোমা-বাৰুদ কাৰখানা পৰিকল্পনা মুকলি কৰিছে

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে ক্ষেপনাস্ত্ৰ আৰু গোলা উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে নতুন বোমা-বাৰুদ কাৰখানা পৰিকল্পনা মুকলি কৰিছে। যুদ্ধ প্ৰতিৰোধক শক্তিশালী কৰাৰ ক্ষেত্ৰত ইয়াৰ উৎপাদন বৃদ্ধিৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছে। কিমে ৮ হাজাৰ ৭০০ টন পাৰমাণৱিক চালিত কৌশলগত ক্ষেপনাস্ত্র ছাবমেৰিণ পৰিদৰ্শন কৰাৰ এদিনৰ পাছত এই কথা প্ৰকাশ কৰে। এই পদক্ষেপক উত্তৰ কোৰিয়াই ৰাছিয়ালৈ অস্ত্ৰ ৰপ্তানিৰ সম্ভাৱনাৰ অংশ বুলি ঠাৱৰ কৰা হৈছে।

April 4, 2025 8:48 PM

views 35

দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী কিম ছন হোই বৈৰী দেশ উত্তৰ কোৰিয়াৰ প্ৰৰোচনামূলক কাৰ্যৰ বিৰুদ্ধে সতৰ্ক আৰু শক্তিশালী হৈ থাকিবলৈ দেশখনৰ প্ৰতিৰক্ষা বাহিনীলৈ আহ্বান

দক্ষিণ কোৰিয়াৰ তত্বাৱধায়ক প্ৰতিৰক্ষা মন্ত্ৰী কিম ছন হোই বৈৰী দেশ উত্তৰ কোৰিয়াৰ প্ৰৰোচনামূলক কাৰ্যৰ বিৰুদ্ধে সতৰ্ক আৰু শক্তিশালী হৈ থাকিবলৈ দেশখনৰ প্ৰতিৰক্ষা বাহিনীক আহ্বান জনাইছে। দেশখনৰ সাংবিধানিক আদালতে পদচ্যুত ৰাষ্ট্ৰপতি উন চুক ইয়লৰ বিৰুদ্ধে মহাভিযোগ প্রক্রিয়া চলাবলৈ দিয়া নিৰ্দেশৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আজি ছিউলত দেশখনৰ প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ বিষয়া, সেনাবাহিনীৰ মুৰব্বী আৰু সশস্ত্র বাহিনীকেইটাৰ মুৰববীসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উত্তৰ কোৰিয়াই পৰ...