ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দক্ষিণ কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষীৰে মুখামুখি সংঘৰ্ষত ৫ জন সন্ত্রাসবাদী নিহত

কাশ্মীৰ উপত্যকাৰ দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত দুবাৰকৈ নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ৫ জন সন্ত্রাসবাদী নিহত হয়। কালি নিৰাপত্তাৰক্ষীৰ দলে সন্ত্ৰাসবাদী কেইজন এই অঞ্চলত আত্মগোপন কৰি থকাৰ খবৰ পোৱাৰ পাছত জিলাখনৰ ফিচল চিনিগাম আৰু মৰ্টেগাম অঞ্চলত এই মুখামুখি সংঘর্ষ সংঘটিত হৈছিল। কাশ্মীৰ মণ্ডলৰ আৰক্ষী মহা পৰিদৰ্শক ভি কে বিদীয়ে আকাশবাণীৰ বাতৰি বিভাগক নিশ্চিত কৰা অনুসৰি ফিচল চিনিগামত ৪ জন সন্ত্রাসবাদীক হত্যা কৰাৰ বিপৰীতে মৰ্টেগামত এজন সন্ত্ৰাসবাদীক নিৰাপত্তা বাহিনীয়ে গুলিয়াই হত্যা কৰে। কৰ্তব্যৰত অৱস্থাত গুৰুতৰভাৱে আহত দুজন নিৰাপত্তাৰক্ষী জোৱানেও সংঘৰ্ষৰ সময়ত প্ৰাণ হেৰুৱায় ৷ ইফালে, মটেগাম আৰু ফিচল চিনিগাম দুয়োটা অঞ্চলতে আজি দ্বিতীয় দিনৰ বাবে অঞ্চলসমূহত লুকাই থকা সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।