অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইণ্ডিগো’ বিমান সংস্থাক তৎকালীনভাৱে যাত্ৰীসকলৰ বকেয়া ধন উভতাই দিবলৈ নিৰ্দেশ দিছে। কাইলৈ নিশা ৮ বজাৰ ভিতৰত ধন ঘুৰাই দিয়া প্রক্রিয়া বাধ্যতামূলকভাৱে সম্পূৰ্ণ কৰিবলৈ মন্ত্রালয়ে সংস্থাটোক নির্দেশ দিছে। লগতে যাত্রা বাতিল হোৱাৰ ফলত যিসকল যাত্ৰীয়ে সময়ৰ সালসলনি কৰিছিল তেনে যাত্ৰীৰ পৰা অতিৰিক্ত কোনো মাচুল আৰোপ নকৰিবলৈও মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে। এই প্ৰক্ৰিয়াত পলম কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্ত্ৰালয়ে সকীয়াই দিছে। উল্লেখযোগ্য যে এই ধন উভতাই দিয়া প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবলৈ মন্ত্ৰালয়ে ইণ্ডিগোক যাত্রী সমৰ্থন আৰু ৰিফাণ্ড সুবিধা কোষ স্থাপন কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল।
যাত্ৰাৰ বাতিল বা বিলম্বৰ বাবে পৃথক হোৱা যাত্ৰীসকলৰ সা-সামগ্ৰীসমূহ পৰৱৰ্তী ৪৮ ঘন্টাৰ ভিতৰত যাত্ৰীসকলে নিৰ্ধাৰণ কৰি দিয়া ঠিকনালৈ প্ৰেৰণ কৰিবলৈ মন্ত্ৰালয়ে নিৰ্দেশ দিয়াৰ লগতে বিমানসেৱাসমূহক ট্রেকিং আৰু ডেলিভাৰী প্ৰক্ৰিয়া সন্দৰ্ভত যাত্ৰীসকলৰ সৈতে যোগাযোগ ৰাখিবলৈ আৰু যাত্ৰী অধিকাৰ আইনৰ অধীনত ক্ষতিপূৰণ দিবলৈও কোৱা হৈছে। এই ব্যাঘাতৰ সময়ছোৱাত চৰকাৰে যাত্ৰীৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ বিমান পৰিবহণ সংস্থা, বিমানবন্দৰ, নিৰাপত্তা সংস্থা আৰু সকলো অংশীদাৰৰ সৈতে সমন্বয় বৰ্তাই ৰাখিছে আৰু জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম যাত্রী, শিক্ষাৰ্থী, ৰোগী আৰু জৰুৰীকালীনভাৱে ভ্ৰমণ কৰা সকলোৰে সুবিধা নিশ্চিত কৰিবলৈ নিৰীক্ষণ প্ৰণালী শক্তিশালী কৰা হৈছে। মন্ত্ৰালয়ে কৈছে যে অতিশীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ তেওঁলোকে সমগ্ৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰি আছে।