ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

তেলেংগানাত ৬,১০০ কোটি টকা ব্যয়ৰে ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে জড়িত ভিন্ন প্রকল্পৰ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

■ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি তেলেংগানাত ৬ হাজাৰ ১০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে জড়িত ভালেমান প্রকল্প উদ্বোধন কৰাৰ লগতে আন ভালেকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। হায়দৰাবাদৰ আম্বেৰপেতত কালি বিয়লি এখন জনসভা সম্বোধন কৰি শ্ৰীগাডকাৰীয়ে অদূৰ ভৱিষ্যতে ৰাজ্যখনত পথ সংযোগে অধিক গতি লাভ কৰিব বুলি নিশ্চিতি প্ৰদান কৰে। হায়দাবাদ-বিজয়ৱাড়া সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত পৰৱৰ্তী তিনিটা মাহৰ ভিতৰত ১০ হাজাৰ কোটি টকা ব্যয়ৰে ছয়লেনযুক্ত কৰি তোলাৰ কাম আৰম্ভ হ’ব বুলি তেওঁ সভাত ঘোষণা কৰে। তেওঁ লগতে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ মাজৰ কৃষ্ণা নদীৰ ওপৰত এখন কাচৰ দলঙো নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে।
তেলেংগানা আৰু হায়দাবাদে দেশৰ
উন্নয়নত অন্যতম ভূমিকা গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী ২-৩টা বছৰৰ ভিতৰত তেলেংগানাত ২ লাখ কোটি টকা ব্যয়েৰে ভালেমান উন্নয়নমূলক প্রকল্প ৰূপায়ণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।