ডাউনলোড
মোবাইল এপ

android apple
signal

তেলেংগানাত ৩,৯০০ কোটি টকা ব্যয়সাপেক্ষ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ কেইবাটাও ঘাইপথ প্ৰকল্পৰ আধাৰশিলা

● কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি তেলেংগানাৰ ছিৰপুৰ কাগজনগৰত ৩,৯০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰী গাঙ্কাৰীয়ে ৰাজ্যখনৰ পথ, আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ বাবে কেন্দ্ৰৰ দায়বদ্ধতাৰ বিষয়ে দোহাৰে। ৰাজ্যখনৰ কৃষক সম্প্ৰদায়ৰ প্ৰতি সহায় আগবঢ়াব পৰাকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া এলেকাত কেইবাহাজাৰ অমৃত সৰোবৰ খান্দিবৰ বাবে চৰকাৰ সাজু হৈ আছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে। পৰৱৰ্তী ৩-৪ বছৰৰ ভিতৰত তেলেংগানাত ২ লাখ কোটি টকা ব্যয়সাপেক্ষে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয়, যে ইয়াৰ জৰিয়তে হায়দাবাদৰ পৰা কোঠাগুডেম আৰু মুলুগুৰ দৰে দূৰণিবতীয়া জিলাসমূহলৈ যাতায়াত ব্যৱস্থা অধিক সুচল হৈ উঠিব। ৰাজ্যখনৰ আন ভালেমান গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ প্ৰকল্প অহা বছৰৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব বুলিও মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে।

ইয়াৰ পূৰ্বে অনুষ্ঠানত ভাষণ দি কয়লা আৰু খনি দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰে তেলেংগানাৰ পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ হকে অহৰহ প্ৰচেষ্টা চলাই থকাৰ ফলত সম্প্ৰতি ৩৩ খন জিলাৰ ভিতৰত ৩২ খনৰেই ৰাজ্যখনৰ ৰাজধানী মহানগৰীৰ সৈতে ৰাষ্ট্ৰীয় ঘাইপথেৰে যোগাযোগ সম্ভৱপৰ হৈ উঠিছে। একেদৰে কেন্দ্ৰীয় গৃহ দপ্তৰৰ ৰাজ্যমন্ত্রী বি সঞ্জয় কুমাৰেও তেলেংগানাৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিগত দশকটোত ৰূপায়ণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে তথ্য সহকাৰে ব্যাখ্যা কৰে। আজি সন্ধিয়াৰ ভাগত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে হায়দাবাদত ১,৬০০ কোটি টকা ব্যয়সাপেক্ষ আন কেইবাটাও প্রকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মন্ত্ৰীগৰাকীয়ে এই উপলক্ষে আম্বৰপেটত আয়োজিত এখন জনসমাৱেশতো ভাষণ দিব।

অধিক পঢ়ক

সকলো চাওক