তেজ আৰু পুষ্টিকৰ উপাদানৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে পোষিত চাউলৰ যোগানৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে তেজ আৰু পুষ্টিকৰ উপাদানৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে ভিটামিন আদি সংযোগ কৰি পুষ্টিদায়ক কৰি তোলা পোষিত চাউলৰ যোগানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ এই সিদ্ধান্তক সৰ্বাত্মক বিকাশ আৰু পুষ্টি সুৰক্ষা সুনিশ্চিতকৰণৰ এটা পদক্ষেপ বুলি উল্লেখ কৰে। তেওঁ কয় যে এই যোজনাৰ বাবদ ১৭ হাজাৰ কোটিৰো অধিক টকা ব্যয় হ’ব।
বিকাশ ভি বিৰাছট ভি উদ্যম সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতৰ চহকী সামুদ্রিক ঐতিহ্য আছে আৰু এই ঐতিহ্য সুৰক্ষিত কৰাৰ আৱশ্যকতা আছে। তেওঁ কয় যে, চৰকাৰে গুজৰাটৰ লোথলত ৰাষ্ট্ৰীয় সামুদ্রিক ঐতিহ্য পৰিসৰ নিৰ্মাণ কৰাৰ প্ৰস্তাৱত অনুমোদন দিছে। এই চৌহদৰ জৰিয়তে দেশৰ ৪,৫০০ বছৰ পুৰণি চহকী সামুদ্রিক ঐতিহ্য প্ৰদৰ্শন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
শ্রীবৈষ্ণৱে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সীমান্তৱৰ্তী এলেকাসমূহৰ আন্তগাঠনিৰ উন্নয়নত গুৰুত্ব আৰোপ কৰি আহিছে। এই উদ্দেশ্যে চৰকাৰে ৰাজস্থান আৰু পাঞ্জাৱৰ সীমান্তৱৰ্তী এলেকাত ২,২৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৪,৪০০ কোটি টকা ব্যয়েৰে এই প্ৰকল্পসমূহ ৰূপায়ণ কৰা হ’ব। শ্রীবৈষ্ণৱে কয় যে, এই সিদ্ধান্তই পথ আৰু দূৰ সংযোগ ব্যৱস্থাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব আৰু পানীযোগান, স্বাস্থ্য আৰু শিক্ষাৰ সুবিধা সৱল কৰি তোলাত সহায় কৰিব। তেওঁ লগতে কয় যে, ইয়াৰ ফলত ৰাজ্য দুখনৰ গ্ৰামাঞ্চলত জীৱিকাৰ সুবিধা সৃষ্টি হ’ব আৰু ঘাইপথৰ জৰিয়তে দেশৰ বাকী অংশৰ সৈতে এই এলেকাসমূহৰ যোগাযোগ সুনিশ্চিত হ’ব।