ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত বোকাখাটত মন্ত্ৰী অতুল বৰাৰ পর্যালোচনা বৈঠক

বিধানসভা সমষ্টি ভিত্তিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাটত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। নাৰী সৱলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এই অভিলাসী আঁচনিখন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অহা ১৯ চেপ্তেম্বৰত গুৱাহাটীৰ পৰা কেন্দ্ৰীয়ভাৱে মুকলি কৰিব। মন্ত্ৰী শ্ৰীবৰাই বোকাখাটত অনুষ্ঠানটিত অংশগ্রহণ কৰিবলগীয়া ৰাইজৰ সা-সুবিধাৰ যাৱতীয় ব্যৱস্থা কৰিবৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। পর্যালোচনা বৈঠকত জিলাখনৰ অতিৰিক্ত আয়ুক্তসকলকে ধৰি প্ৰশাসনীয় কেইবাজনো বিষয়া উপস্থিত থাকে।