ডাউনলোড
মোবাইল এপ

android apple
signal

August 8, 2025 12:23 PM | Akashvani | China

printer

তীব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰৰ অংশত চীনৰ বৃহৎ বান্ধ নির্মাণ সম্পৰ্কীয় ঘটনাৰাজি সূক্ষ্মভাৱে নিৰীক্ষণ ভাৰতৰ

চীনে তীব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰৰ অংশত বৃহৎ বান্ধ নির্মাণ সম্পৰ্কীয় ঘটনাৰাজি ভাৰতে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে কালি ৰাজ্যসভাত মুকুল বালকৃষ্ণ ৱাছনিক আৰু ৰিতাব্ৰত বেনাৰ্জীয়ে সোধা প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰে। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰৰ উজনি অংশত চীনে বান্ধ নিৰ্মাণৰ কাম-কাজ আৰম্ভ কৰা বুলি ওলোৱা বাতৰি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। ১৯৮৬ চনত প্ৰথমে এই প্ৰকল্পৰ কথা ৰাজহুৱা কৰা হৈছিল আৰু তেতিয়াৰেপৰা চীনত বান্ধ নিৰ্মাণৰ প্ৰস্তুতি অব্যাহত আছিল। কেন্দ্ৰীয় চৰকাৰে চীনৰ জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ পৰিকল্পনাকে ধৰি ব্ৰহ্মপুত্ৰৰ সৈতে জড়িত সকলো ঘটনাৰাজি নিৰীক্ষণ কৰি আছে আৰু ব্ৰহ্মপুত্ৰৰ নামনি অংশত বসবাস কৰা ভাৰতীয় নাগৰিকসকলৰ জীৱন আৰু জীৱিকা সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে ২০০৬ চনত স্থাপন কৰা বিশেষজ্ঞ পৰ্যায়ৰ ব্যৱস্থাৰ লগতে কূটনৈতিক মাধ্যমেৰে দুয়োখন ৰাষ্ট্ৰৰ মাজেৰে বৈ যোৱা নৈসমূহৰ সৈতে জড়িত বিষয়সমূহক লৈ চীনৰ সৈতে আলোচনা কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ শেহতীয়া চীন ভ্রমণকে ধৰি বিভিন্ন সময়ত অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাত পানী সম্বন্ধীয় তথ্যৰ আদান-প্ৰদানৰ ক্ষেত্ৰত সহযোগিতাৰ আৱশ্যকতাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে চীনে ব্ৰহ্মপুত্ৰৰ উজনি অংশত বান্ধ নিৰ্মাণ কৰাৰ ফলত বিশেষকৈ অসম আৰু অৰুণাচল প্ৰদেশৰ নামনি অংশত বিৰূপ প্ৰভাৱ পৰিব পাৰে বুলি বিশেষজ্ঞসকলে আশংকা প্রকাশ কৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক