ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 20, 2025 12:08 PM | Coal

printer

তিনিচুকীয়া জিলাৰ ৩১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অবৈধভাবে কয়লা সৰবৰাহ কৰা চাৰিখন ট্রাক  মাৰ্ঘেৰিটা আৰক্ষীৰ জব্দ

মাৰ্ঘেৰিটা আৰক্ষীয়ে শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ মাজেৰে যোৱা ৩১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই অবৈধভাবে কয়লা সৰবৰাহ কৰা চাৰিখন ট্রাক জব্দ কৰে। লিডুৰ অকর্তৃত্বশীল খনিৰ পৰা কয়লা সংগ্ৰহ কৰি গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে ট্রাককেইখন জব্দ কৰে। আৰক্ষীয়ে ট্রাক চালক আৰু হেণ্ডিমেনকেইজনক আটক কৰিছে। অঞ্চলটোত এনে অবৈধ কয়লাখননৰ আঁৰত থকা ব্যৱস্থাটো উৎখাত কৰাৰ বাবে কর্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে লিডু, পাহাৰপুৰ, বৰগোলাই, মালুগাঁও আৰু টিপঙৰ দৰে অঞ্চলসমূহত অবৈধভাবে কয়লা খনন কৰি ৰাজ্যৰ বিভিন্ন ঠাইলৈ সৰবৰাহ কৰি অহা হৈছে বুলি বিশেষ সূত্ৰত প্রকাশ পাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।