December 26, 2025 9:01 PM

views 22

কয়লা খনি নিয়ন্ত্রণ আইন ২০২৫ সংশোধন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনা জাৰি

কেন্দ্ৰীয় চৰকাৰে কয়লা খনি মুকলি কৰাৰ বাবে থকা প্ৰক্ৰিয়া সহজসাধ্য কৰাৰ বাবে কয়লা খনি নিয়ন্ত্রণ আইন ২০২৫ সংশোধন কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে। কয়লা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি এই সংশোধনে খনিৰ কাম-কাজৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব আৰু প্ৰক্ৰিয়াগত আঁসোৱাহসমূহ দূৰ কৰিব। পূৰ্বৰ নিয়ম অনুসৰি এটা কয়লা খনি মুকলি কৰাৰ বাবে কয়লা খনিৰ স্বত্বাধিকাৰীসকলে কয়লা মহানিয়ন্ত্রক সংস্থাৰ আগতীয়া অনুমতি ল'ব লাগে। এই সংশোধনীৰ জৰিয়তে পূৰ্বৰ এই নিয়ম বাতিল কৰা হৈছে।

October 20, 2025 12:08 PM

views 30

তিনিচুকীয়া জিলাৰ ৩১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অবৈধভাবে কয়লা সৰবৰাহ কৰা চাৰিখন ট্রাক  মাৰ্ঘেৰিটা আৰক্ষীৰ জব্দ

মাৰ্ঘেৰিটা আৰক্ষীয়ে শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ মাজেৰে যোৱা ৩১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই অবৈধভাবে কয়লা সৰবৰাহ কৰা চাৰিখন ট্রাক জব্দ কৰে। লিডুৰ অকর্তৃত্বশীল খনিৰ পৰা কয়লা সংগ্ৰহ কৰি গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে ট্রাককেইখন জব্দ কৰে। আৰক্ষীয়ে ট্রাক চালক আৰু হেণ্ডিমেনকেইজনক আটক কৰিছে। অঞ্চলটোত এনে অবৈধ কয়লাখননৰ আঁৰত থকা ব্যৱস্থাটো উৎখাত কৰাৰ বাবে কর্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে লিডু, পাহাৰপুৰ, বৰগোলাই, মালুগাঁও আৰু টিপঙৰ দৰে অঞ্চলসমূহত অবৈধভাবে কয়লা খনন কৰি ৰাজ্যৰ ব...

June 14, 2024 8:02 PM

views 32

কয়লা খণ্ডৰ নিলামৰ দশম ৰাউণ্ডত ৬২ টা খণ্ড নিলাম হ’ব

চৰকাৰে কয়লা খণ্ডৰ নিলামৰ দশম ৰাউণ্ড আৰম্ভ কৰিব। এই ৰাউণ্ডত ৬২ টা খণ্ড নিলাম কৰা হ'ব। কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে অহা সপ্তাহত বাণিজ্যিক কয়লা খণ্ডৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰিব।কয়লা মন্ত্ৰালয়ে কৈছে যে প্রধানমন্ত্ৰীয়ে ২০২০ চনত বাণিজ্যিক কয়লা খণ্ডৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। তেতিয়াৰেপৰা মন্ত্ৰ্যালয়ে যোৱা ৯টা ৰাউণ্ডৰ অধীনত সফলতাৰে ১০৭ টা কয়লাখণ্ডৰ নিলাম প্রক্রিয়া সম্পূৰ্ণ কৰিছে। বৰ্তমান ১১ টা বাণিজ্যিক কয়লা খণ্ড কাৰ্যক্ষম হৈ আছে।