ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

তাৎক্ষণিক চিকিৎসা আগবঢ়োৱাৰ বাবে বিগত তিনি বছৰত ১৬ লাখৰো অধিক ৰে’লকৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছেঃ ৰে’লমন্ত্ৰী

তাৎক্ষণিক চিকিৎসা আগবঢ়োৱাৰ বাবে বিগত তিনি বছৰত ১৬ লাখৰো অধিক ৰে’লকৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে সকলোবোৰ ৰে’ল ষ্টেচন আৰু যাত্ৰীবাহী ৰে’লত জীৱনদায়িনী ঔষধ থকা একোটা চিকিৎসা বাকচ, সামগ্ৰী আৰু অক্সিজেন চিলিণ্ডাৰ ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। তেওঁ লগতে কয়, যে ৰোগীয়া যাত্ৰী তথা দুৰ্ঘটনাত আহত যাত্ৰীসকলক চিকিৎসালয়লৈ নিয়াৰ বাবে ৰে’লৱে, ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত চিকিৎসালয়ৰ এম্বুলেঞ্চসেৱা ব্যৱহাৰ কৰা হয়। ৰে’ল ষ্টেচনসমূহৰ নিকটৱৰ্তী চিকিৎসালয় আৰু চিকিৎসকৰ সৈতে যোগাযোগ নম্বৰসমূহৰ তালিকাও সকলো ৰে’লৱে ষ্টেচনতে উপলব্ধ কৰোৱা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।