ঢকুৱাখনাৰ মহঘূলি চাপৰিত ৯ মে’ৰ পৰা ৩ দিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন

■ লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহঘূলি চাপৰিৰ মনোমোহা প্রাকৃতিক পৰিৱেশত অহা ৯ মে’ৰ পৰা তিনি দিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ’ব। ৯ মে’ৰ পুৱা ফাট বিহু সমিতিৰ সভাপতি বসন্ত শ‍ইকীয়াই পতাকা উত্তোলনেৰে বিহু পালনৰ শুভাৰম্ভ কৰিব। দিনৰভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা ম’হঘূলি চাপৰিলৈ আদৰণি জনোৱা হ’ব। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। দ্বিতীয়া দিনা কপৌ ফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, পূৰ্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ’ব। বিশিষ্ট কবি-সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ড০ কৰবী ডেকা হাজৰিকাই মুখপত্ৰখন উন্মোচন কৰিব। অন্তিম দিনা অর্থাৎ ১১ মে’ত বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। এই অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ-বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।