ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 12, 2024 11:56 AM | Assam

printer

ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত ফাট বিহুৰ আজি অন্তিম দিন

ঢকুৱাখনাৰ চাৰিকড়িয়া নৈ পাৰত অৱস্থিত ম’হঘূলি চাপৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত ফাট বিহুৰ আজি তৃতীয় তথা অন্তিম দিন। এই উপলক্ষে আজি পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। দুপৰীয়াৰ ভাগত ফাট বিহুৰ মূল বৈশিষ্ট্য মুকলি বিহু প্রতিযোগিতা অনুষ্ঠিত হ’ব। বিয়লিলৈ অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ প্ৰদান বৰুৱাকে ধৰি কেইবাগৰাকীও মন্ত্রী বিধায়ক আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ নিবোধ বৰুৱাই উদ্বোধন কৰিবলগীয়া এই মুকলি সভাত বিহু সম্রাট, ঢোলৰ ওজা সোমনাথ বৰাই নির্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰিব। ইপিনে কালি দ্বিতীয় দিনাও ম’হঘূলি চাপৰিৰ বিহুতলিত উখল মাখল পৰিবেশে বিৰাজ কৰে। সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অনা এই বিহুৰ কালি দ্বিতীয় দিনা কপৌ ফুল আৰু গছপুলি বোপণেৰে কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পিছতে গামোচা প্ৰতিযোগিতা, হুঁচৰি প্ৰতিযোগিতাকে ধৰি বৰ্ণিল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তদুপৰি ফাট বিহুৰ বছৰেকীয়া স্মৰণিকা বিহুৱান কালি উন্মোচন কৰা হয়।