ড° ভূপেন হাজৰিকা বছৰযোৰা জন্ম শতবার্ষিকী উদযাপনৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আনুষ্ঠানিকভাৱে এটা পোৰ্টেল মুকলি কৰে। পোৰ্টেল মুকলিৰ পূৰ্বে সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই ৫ ছেপ্তেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিয়লি ৫.৩০ বজাত হ’বলগীয়া ভূপেন হাজৰিকা জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি প্ৰকাশ কৰে। এই অনুষ্ঠানতে প্রধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও ভাষাত লিখি উলিওৱা ভূপেন হাজৰিকাৰ জীৱনী গ্ৰন্থ উন্মোচন কৰাৰ লগতে ভূপেন হাজৰিকাৰ স্মৃতিত এটা মুদ্ৰাও মুকলি কৰিব বুলি মুখ্যমন্ত্ৰী ড° শর্মাই জনায়। উদ্বোধনী অনুষ্ঠানত এক হেজাৰ শিল্পীয়ে ড° ভূপেন হাজৰিকাৰ কেইবাটাও গীতৰ এটাকৈ অন্তৰা অসমীয়া, বঙালী আৰু হিন্দী ভাষাত কৰিব। ইয়াৰ বাবে প্ৰতিখন মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলক আমন্ত্রণ জনোৱা হ’ব। প্ৰধানমন্ত্রী মোদীয়ে এই ভ্ৰমণতে দৰং জিলাত তিনিটা প্ৰকল্প মুকলি কৰাৰ লগতে গুৱাহাটী ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জনায়। এই সংবাদমেলতে মুখ্যমন্ত্রী শর্মাই ২৯ আগষ্টত গৃহমন্ত্রী অমিত শ্বাহে অসম ভ্ৰমণ কৰি নতুন ৰাজভৱন মুকলি কৰিব বুলিও প্ৰকাশ কৰে। একেখন সংবাদমেলতে অৰুণোদয় আঁচনি সন্দৰ্ভত মুখ্যমন্ত্রী শর্মাই কয়, যে ১৭ ছেপ্তেম্বৰত অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ মুকলি কৰা হ’ব। ২০১৯ চনত আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী ৮৩০ টকাকৈ লাভ কৰিছিল। আঁচনিখনৰ দ্বিতীয় সংস্কৰণত ২৮ লাখ লোকে আঁচনিৰ সুবিধা লাভ কৰিছিল আৰু তৃতীয় সংস্কৰণত ৪০ লাখৰো অধিক হিতাধিকাৰী অন্তৰ্ভুক্ত হ’ব, ইয়াৰে ৬ লাখ হিতাধিকাৰী বি টি আৰৰ। অৰুণোদয় হিতাধিকাৰীয়ে ৰন্ধন গেছতো ২২৫ টকাকৈ ৰেহাই পাব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলতে প্রকাশ কৰে। মুখ্যমন্ত্ৰীয়ে সংবাদমেলত আৰু কয়, যে ৬ আগষ্টত নিখুঁত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে লগতে কয়, যে এইবাৰ তেজপুৰ আৰু অসম বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে নিখুঁত মইনা আঁচনিৰ সুবিধা লাভ কৰিব। প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে স্নাতক তৃতীয়বর্ষলৈ বিয়া নবহিলে এই আঁচনিৰ সুবিধা লাভ কৰিব। ৰাজ্যত চলি থকা উচ্ছেদ সম্পৰ্কত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে চৰকাৰী খালী মাটি সুৰক্ষাৰ বাবে গাঁও অঞ্চলত সমবায় গঠনৰ বাবে আলোচনা কৰা হ’ব বুলি প্ৰকাশ কৰে।
Site Admin | August 1, 2025 6:46 PM | Akashvani Guwahati | Akashvani News | Dr Bhupen Hazarika
ড° ভূপেন হাজৰিকা বছৰযোৰা জন্ম শতবার্ষিকী উদযাপনৰ অংশ হিচাপে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আনুষ্ঠানিকভাৱে পোৰ্টেল মুকলি
