ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন

● ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কাইলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাত আৰু লতাশিল খেল পথাৰত দিনৰ ১১ বজাত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সুঁৱৰি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ’ব। কামৰূপ মহানগৰ জিলাৰ কাৰ্যসূচীত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

কামৰূপ জিলাৰ জিলা সংহত কাৰ্যালয়ৰ সন্মুখত কাইলৈ বৰেণ্য শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যপূৰ্ণ আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ আৰম্ভ কৰা হ’ব। চাংসাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ড০ ভূপেন হাজৰিকাৰ মৃত্যু তিথি কেন্দ্ৰীয়ভাৱে পালন কৰা হ’ব। একেদৰে কামৰূপ জিলাৰ অধীনৰ ৰঙিয়া সম-জিলা আৰু পলাশবাৰী সম- জিলাতো শিল্পীগৰাকীক স্মৰণৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
ৰাজ্যৰ আন আন ঠাইতো কাইলৈ ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকী উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাত সুধাকণ্ঠৰ মৃত্যু দিন উপলক্ষে ৫ হাজাৰ শিল্পীয়ে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব। জিলাখনৰ আয়ুক্ত ৰোহন কুমাৰ ঝাই প্ৰকাশ কৰা মতে বৰপেটা পৌৰসভাৰ খেলপথাৰত দিনৰ ১১ বজাত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি নিবেদনেৰে কাৰ্যসূচী আৰম্ভ হ’ব। অনুষ্ঠানত ৩৪ খন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ ল’ব। তিনিচুকীয়া জিলাত বিষ্ণু-জ্যোতি সাংস্কৃতিক সমাজে ভূপেন্দ্ৰ সংগীত আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে।
কাৰ্বি আংলং জিলাৰ ডিফু কাছা ষ্টেডিয়ামতো সুধাকণ্ঠৰ মৃত্যু বার্ষিকী উপলক্ষে ৫ হাজাৰ শিল্পীয়ে মানৱশৃংখল কাৰ্যসূচী অনুষ্ঠিত কৰিব। সুধাকণ্ঠৰ অমৰসৃষ্টি মানুহে মানুহৰ বাবে গীতটিৰ পৰিৱেশনেৰে হাওৰাঘাট আৰু বোকাজান মহকুমাৰ পৰা শিল্পী, জ্যেষ্ঠ নাগৰিক, ছাত্ৰ-ছাত্ৰী আৰু সাংস্কৃতিক সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত এই মানৱশৃংখল গঢ়ি তোলা হ’ব।
বজালীত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বাক্সা জিলাত চৰণ বড়ো, বৰপেটাত চন্দ্ৰমোহন পাটোৱাৰী, ডিব্ৰুগড়ত প্ৰশান্ত ফুকন, ধেমাজিত ডাঃ ৰণোজ পেগু, বিশ্বনাথত অশোক সিংহল, বঙাইগাঁৱত ফণীভূষণ চৌধুৰী, কাছাৰ আৰু শ্রীভূমিত কৌশিক ৰয়, গোৱালপাৰাত নন্দিতা গালোচা, গোলাঘাটত অজন্তা নেওগ, হাইলাকান্দিত কৃষ্ণেন্দু পাল, যোৰহাটত অতুল বৰা, মৰিগাঁৱত পিযুষ হাজৰিকা, নগাঁৱত কেশৱ মহন্ত, নলবাৰী আৰু তামুলপুৰত জয়ন্ত মল্লবৰুৱা, চৰাইদেউ আৰু শিৱসাগৰত যোগেন মহন, তিনিচুকীয়াত ৰূপেশ গোৱালা, চিৰাঙত উৰ্খাও গৌৰা ব্ৰহ্ম, দৰঙত সাংসদ দিলীপ শ‍ইকীয়া, লখিমপুৰত প্ৰদান বৰুৱা, হোজাইত কামাখ্যা প্রসাদ তাছা, শোণিতপুৰত ৰঞ্জিত দত্ত, পশ্চিম কাৰ্বি আংলঙত অমৰ সিং তিছ’, ধুবুৰীত বিধায়ক নজৰুল হক, দক্ষিণ শালমাৰাত ৱাজেদ আলী চৌধুৰী, ডিমা হাচাওত ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গার্লোচা, কাৰ্বি আংলঙত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং, কোকৰাঝাৰত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী, মাজুলীত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, ওদালগুৰিত বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰেহন দৈমাৰীয়ে ভূপেন হাজৰিকাৰ মৃত্যু দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব।