● বেডমিণ্টনত ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেন আৰু পুৰুষৰ শীৰ্ষ যুটী ছিৰাগ চেট্টী আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডীয়ে আজি আৰম্ভ হ’বলগীয়া ডেনমার্ক অপেন ২০২৫ত ভাৰতক নেতৃত্ব দিব। পুৰুষৰ একক শাখাত লক্ষ্য সেনৰ সৈতে আয়ুষ চেট্টীয়ে যোগদান কৰিব। পুৰুষৰ ডাবলছত ষষ্ঠ বাছনিৰ ছিৰাগ চেট্টী আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডীৰ লগতে ছাই প্রতীকে আৰু পৃথ্বী কৃষ্ণমূৰ্তিৰায়ে অংশগ্রহণ কৰিব।
মহিলাৰ ছিংগলছত ভাৰতৰ আনমোল খাবেই প্ৰৱেশ কৰিছে। মিক্সড ডাবলছত অলিম্পিয়ান তানিশা ক্ৰাষ্ট’ৱে ধ্ৰুৱ কপিলাৰ সৈতে অংশ লোৱাৰ লগতে মহিলাৰ ডাবলছত কবিপ্ৰিয়া ছেলবাম আৰু সীমৰণ সিংহীৰ লগতে ৰুতাপৰ্ণা পাণ্ডা আৰু স্বেতাপূর্ণা পাণ্ডায়েও অংশ ল’ব। ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত এছিয়ান টেবুল টেনিছ দলীয় প্রযোগিতাতৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ মহিলা টেবুল টেনিছৰ দলটোৱে ছিংগাপুৰৰ বিৰুদ্ধে ৩-২ ফলাফলত পৰাজিত হয়। ভাৰতৰ মনিকা বাঢ়া আৰু যশস্বিনী ঘোৰপাড়ে দুয়োগৰাকীয়েই জয়লাভ কৰিছিল যদিও দিয়া ছিতালেই নিজৰ দুয়োখন খেলতেই পৰাজিত হয়। এই পৰাজয়ৰ ফলত প্ৰতিযোগিতাত ভাৰতৰ পদক লাভৰ আশাৰ অন্ত পৰে। ইপিনে পৰহি অনুষ্ঠিত পুৰুষৰ কোৱাৰ্টাৰ ফাইনেলতো হংকং চীনৰ বিৰুদ্ধে ভাৰতীয় পুৰুষ দলটোৱে পৰাজয় স্বীকাৰ কৰে।