ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 16, 2025 10:06 AM | SPORTS

printer

ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাত লক্ষ্য সেন পুৰুষৰ ছিংগলছৰ আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী- চিৰাগ ছেট্টি পুৰুষৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত

ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ ছেট্টি যুটিটোৱে পুৰুষৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অ’ডেনছত কালি অনুষ্ঠিত এখন খেলত বিশ্বক্ৰমৰ ২১ সংখ্যক স্থানৰ লক্ষ্য সেনে আয়াৰলেণ্ডৰ নাইট গুয়েনক ১০-২১, ২১–৮, ২১-১৮ গেমত পৰাস্ত কৰে। প্রি-কোৱাৰ্টাৰ ফাইনেলত খেলুৱৈগৰাকীয়ে আজি ডেনমাৰ্কৰ এণ্ডাৰ্ছ এণ্টনছেনৰ মুখামুখি হ’ব। ইপিনে পুৰুষৰ ডাবলছৰ ষষ্ঠ বাছনিপ্ৰাপ্ত স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ ছেট্টিৰ যুটিটোৱে প্রি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰাৰ বাটত স্কটলেণ্ডৰ ক্ৰিষ্ট’ফাৰ গ্রিমলি আৰু মেথিউ গ্রিমলিৰ যুটিটোক পৰাস্ত কৰে। প্রি-কোৱাৰ্টাৰ ফাইনেলত আজি ভাৰতীয় যুটিটো চীনা টাইপেইৰ য়াং প’ হান আৰু লিউ কুৱাং হেঙৰ যুটিটোৰ মুখামুখি হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।