● ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ লক্ষ্য সেনে অডেন্সত অনুষ্ঠিত ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সেনে কালি প্রি কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ এণ্ডাৰ্ছ এণ্টনছেনক ২১-১৩, ২১-১৪ গেমত পৰাস্ত কৰে ।
ইপিনে, পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত সাত্বিক ছাইৰাজ ৰণকীৰেড্ডী আৰু ছিৰাগ ছেট্টীৰ যুটীয়ে চীনা টাইপেইৰ ইয়াং পো হান আৰু লিউ কোৱাং হেঙক ২১-১৯, ২১-১৭ পোনপটীয়া গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।
ভাৰতীয় যুটীটো আজি ইণ্ডোনেছিয়াৰ মহম্মদ ৰিয়ান আদিয়ান্তো আৰু ৰহমত হিদায়তৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন বিয়লি ৪.৩০ বজাত আৰম্ভ হ’ব।