ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 11, 2025 8:39 PM | J P Nadda

printer

ডেংগু আৰু মেলেৰিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ পর্যালোচনা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি ডেংগু আৰু মেলেৰিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পর্যালোচনা কৰাৰ লগতে দুয়োবিধ ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাৱলীৰ বুজ লয়। এই পর্যালোচনা বৈঠকতে মন্ত্রী নাড্ডাই সংশ্লিষ্ট ৰাজ্য চৰকাৰ, স্থানীয় সংস্থাসমূহক জনস্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰোগ দুবিধৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে আহ্বান জনায়। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকললৈ কেতবোৰ পৰামৰ্শৱলী আগবঢ়াই, সমাগত দিনবোৰত ডেংগু আৰু মেলেৰিয়া পৰিস্থিতিৰ নিৰীক্ষণৰ লগতে ইয়াৰ প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে জনসচেতনতা সৃষ্টিৰ প্ৰয়াস কৰিবলৈ আহ্বান জনায়।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহৰ স্বাস্থ্য মন্ত্ৰীসকলক ব্যক্তিগতভাৱে পৰিস্থিতিৰ পৰ্যালোচনা কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে ২০ দিনৰ ভিতৰত কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। মন্ত্রী নাড্ডাই কয়, যে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ হাস্পতালসমূহৰ লগতে অন্যান্য হাস্পতালসমূহকো প্রয়োজনীয় ঔষধ, পৰীক্ষা-নিৰীক্ষা, বিচনা আৰু ম’হ মুক্ত পৰিৱেশ নিশ্চিত কৰিবলৈ আহ্বান জনায়।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতে মেলেৰিয়া প্ৰতিৰোধৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰিছে। তেওঁ কয়, যে চৰকাৰে ২০১৫ৰ পৰা ২০২৪ চনৰ ভিতৰত মেলেৰিয়া জনিত ৰোগত মৃত্যু হোৱা ৰোগীৰ সংখ্যা প্ৰায় ৭৮ শতাংশ হ্ৰাস কৰিবলৈ সমৰ্থ হৈছে। ২০২২-২০২৪ চনত দেশৰ ১৬০ খন জিলা মেলেৰীয়া শূন্য বুলি প্ৰতিবেদন প্ৰকাশ হোৱাৰ কথাও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।