ডাউনলোড
মোবাইল এপ

android apple
signal

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোকৰাঝাৰত অনুষ্ঠিত প্ৰথমখন খেলত কাৰ্বি আংলং মর্নিং ষ্টাৰ আই টি বি পি ফুটবল দলৰ বিৰুদ্ধে ২-১ গ’লৰ ব্যৱধানত পৰাস্ত

১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোকৰাঝাৰত অনুষ্ঠিত প্ৰথমখন খেলত কালি কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিয়ে ব্যর্থতাৰে অভিযান আৰম্ভ কৰে। সেনাবাহিনীয়ে আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্রতিযোগিতাখনত অভিষেক কৰাৰ সুযোগ লাভ কৰা ফুটবল দলটোৱে আই টি বি পি ফুটবল দলৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেলত ২-১ গ’লৰ ব্যৱধানত পৰাস্ত হয়। খেলখনৰ ২২ মিনিটতে মৰ্ণিং ষ্টাৰৰ খেলুৱৈয়ে ৰঙা কাৰ্ড লাভ কৰাত বাকী সময়খিনি ১০জনেহে খেলিবলগীয়া হয়।
ইয়াৰ পূৰ্বে কোকৰাঝাৰৰ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামত কালি বৰ্ণাঢ্য কাৰ্যসূচীৰে ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কিংবদন্তী ফুটবল খেলুৱৈ সুনীল ছেত্রী, বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, ভূটানৰ প্ৰাক্তন প্রধানমন্ত্ৰী ড° লটে ছেৰিং আৰু মন্ত্ৰী উৰ্খাও গৌড়া ব্রহ্ম বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
প্রতিযোগিতাত আজি কলকাতাৰ কিশোৰ ভাৰতী ক্রীড়াংগনত গ্রুপ বিৰ প্ৰথমখন খেলত মহমেদান স্পোর্টিং দলে ডায়মণ্ড হাৰ্বাৰ এফ চিৰ বিৰুদ্ধে খেলিব।