July 28, 2025 11:38 AM

views 17

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোকৰাঝাৰত অনুষ্ঠিত প্ৰথমখন খেলত কাৰ্বি আংলং মর্নিং ষ্টাৰ আই টি বি পি ফুটবল দলৰ বিৰুদ্ধে ২-১ গ’লৰ ব্যৱধানত পৰাস্ত

১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোকৰাঝাৰত অনুষ্ঠিত প্ৰথমখন খেলত কালি কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিয়ে ব্যর্থতাৰে অভিযান আৰম্ভ কৰে। সেনাবাহিনীয়ে আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্রতিযোগিতাখনত অভিষেক কৰাৰ সুযোগ লাভ কৰা ফুটবল দলটোৱে আই টি বি পি ফুটবল দলৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেলত ২-১ গ’লৰ ব্যৱধানত পৰাস্ত হয়। খেলখনৰ ২২ মিনিটতে মৰ্ণিং ষ্টাৰৰ খেলুৱৈয়ে ৰঙা কাৰ্ড লাভ কৰাত বাকী সময়খিনি ১০জনেহে খেলিবলগীয়া হয়। ইয়াৰ পূৰ্বে কোকৰাঝাৰৰ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ষ্টেডিয়...

July 27, 2025 8:28 PM

views 16

কোকৰাঝাৰত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা আৰম্ভ

কোকৰাঝাৰত আজিৰে পৰা ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ খেল অনুষ্ঠিত হৈছে। জিলাখনৰ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কিংবদন্তী ফুটবল খেলুৱৈ সুনীল ছেত্রী, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, ভূটানৰ প্রাক্তন প্রধানমন্ত্রী ড০ লটে ছেৰিং আৰু মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সেনাবাহিনীৰ জোৱানসকলে কালাৰিয়াপঢ়ু সমৰকলা পৰিৱেশন কৰি উদ্বোধনী অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধ...