ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ডুবাইত ভাৰত-পাকিস্তানৰ এছিয়া কাপ টী-২০ খেলখন বাতিলৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

■ উচ্চতম ন্যায়ালয়ে অহা ১৪ ছেপ্তেম্বৰত ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত হ’বলগীয়া এছিয়া কাপ টী-২০ ক্রিকেট প্রতিযোগিতাৰ খেলখন বাতিল কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা এখন আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ন্যায়াধীশ জে কে মহেশ্বৰী আৰু বিজয় বিষ্ণ’ইক লৈ গঠিত এখন বিচাৰপীঠে আজি এখন জনস্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি খেলখন হোৱা উচিত বুলি মন্তব্য কৰে।
আইনৰ চাৰিগৰাকী ছাত্ৰই খেলখন বাতিল কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা জনস্বার্থজড়িত আবেদনখনত পেহেলগাম সন্ত্রাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তানৰ সৈতে খেলত অৱতীৰ্ণ হোৱাৰ দৰে কাৰ্যই ৰাষ্ট্ৰীয় মর্যাদাক অৱহেলা কৰে আৰু সশস্ত্র বাহিনী আৰু ছহিদসকলৰ পৰিয়ালৰ ভাৱনাত আঘাত হানে বুলি যুক্তি আগবঢ়োৱা হৈছে। ক্রিকেট কেতিয়াও ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষা অথবা নাগৰিকৰ জীৱনতকৈ ঊৰ্ধত হ’ব নোৱাৰে বুলি দাবী কৰা হৈছে।