ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ ব’ৰ্ডৰ সভাত ভাৰতক প্রতিনিধিত্ব প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ দেৱজিৎ শ‍ইকীয়াৰ

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ যুটীয়া সচিব, অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ দেৱজিৎ শ‍ইকীয়াই আজি ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ ব’ৰ্ডৰ সভাত ভাৰতক প্রতিনিধিত্ব কৰে। উল্লেখযোগ্য যে পূৰ্বে এই দায়িত্বত বি চি চি আইৰ সচিব জয় শ্বাহ আছিল। কিন্তু শ্বাহ সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ অধ্যক্ষ হোৱাত বি চি চি আইৰ ফালৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদত ব’ৰ্ড অধ্যক্ষৰূপে দেৱজিৎ শ‍ইকীয়াই প্ৰতিনিধিত্ব কৰিব।