মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত ৩২৪ গৰাকী ছাত্ৰী থাকিব পৰা এটা অত্যাধুনিক ছাত্রী নিবাসৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় চৌহদত অধ্যাপকৰ আবাস প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। আজিৰ ব্যস্ত কাৰ্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত প্ৰায় ৬০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰে। ড° শৰ্মাই প্রথমেই ১৪৬ কোটি ৪৩ লাখ টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আৰু পি এম ঊষা আঁচনিৰ অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন আন্তঃগাঁথনিমূলক কাম-কাজৰ আধাৰশিলা স্থাপন কৰে।
মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আঁচনিৰ অধীনত বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ পথসমূহৰ সম্প্ৰসাৰণ আৰু মেৰামতি, ১৬ টা আবাসযুক্ত হাউছিং ব্লক, ক্রীড়া প্ৰাংগন আৰু ব্যায়ামাগাৰ নিৰ্মাণ কৰা হ’ব। একেদৰে প্রধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান, চমুকৈ ঊষাৰ অধীনত ১৭৬ গৰাকী ছাত্রী থাকিব পৰা নিবাস, শৈক্ষিক ভৱন, শৈক্ষিক গৱেষণা কেন্দ্ৰ আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০-ৰ সফল ৰূপায়ণৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনক নতুন দৃষ্টিভংগীৰে অগ্ৰসৰ হোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে।
মুখ্যমন্ত্ৰী শৰ্মাই আজি নাহৰকটীয়াত ১৩০ কোটি টকা ব্যয়সাপেক্ষে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুসৰি নাহৰকটীয়া সম জিলা আয়ুক্ত কাৰ্যালয়, নামৰূপ-নাহৰকটীয়া পথ উৰণ সেতু, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ভৱন, কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয় ভৱন আৰু হকী ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত পৰিবহণ মন্ত্রী যোগেন মহন, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ উপস্থিত থাকে।